Sunday, October 2, 2022
HomeNewsচাবুৱাত আছুৰ আন্ত:আঞ্চলিক ভলীবল প্ৰতিযোগিতা,চেম্পিয়ন ধেমেচী আঞ্চলিক

চাবুৱাত আছুৰ আন্ত:আঞ্চলিক ভলীবল প্ৰতিযোগিতা,চেম্পিয়ন ধেমেচী আঞ্চলিক

✍️ চাবুৱাৰ পৰা ধৰণী গগৈৰ প্ৰতিবেদন

লোকে লোকাৰণ্য চাবুৱাৰ চেতিয়াগাওঁ সূৰ্যোদয় সংঘৰ খেলপথাৰ ।ভলীবল মেচ উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমীৰ ব্যাপক উৎসাহ ।আন্তঃআঞ্চলিক দিবা-নৈশ ভলীবলত কেইবাটাও শক্তিশালী দলৰ তুমুল যুঁজ ।

বিগত ২৮ আৰু ২৯ ডিচেম্বৰত সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত তথা চাবুৱা আঞ্চলিক ছাত্র সন্থাৰ আতিথ্যত অনুষ্ঠিত শিক্ষাবিদ নন্দলাল বৰগোঁহাই সোঁৱৰণি ভলীবল প্ৰতিযোগিতাৰ বুধবাৰে সফল সামৰণি ঘটে। দুদিনীয়া আন্তঃআঞ্চলিক দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনত অংশ ললে জিলাৰ ১৫ টাকৈ আঞ্চলিক ভলীবল দলে । দ্বিতীয় দিনা চূড়ান্ত খেলখন উদ্বোধন কৰিলে সদৌ অসম ছাত্র সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই । গীতে মাতে জীপাল হল ভলীবলৰ মৈদান । ফাইনেলৰ যুঁজত নামিল ধেমেচী আঞ্চলিক দল আৰু নাহৰকটীয়া আঞ্চলিক দল । তীব্ৰ উত্তেজনাপূ্ৰ্ণ চূড়ান্ত খেলত বিজয়ৰ খিতাপ অৰ্জন কৰিলে ধেমেচী আঞ্চলিকে ।

উল্লেখযোগ্য যে, বিগত কেইবা বছৰো ধৰি আছুৱে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এইবাৰ চেতীয়া গাঁও সূৰ্যোদয় সংঘৰ খেলপথাৰত বহু উদীয়মান ভলীবলাৰে প্ৰৰ্দশন কৰিলে ভলীবলৰ চমক । পুহমহীয়া ঠেৰেঙা লগা জাৰতো দুপৰ নিশালৈ দৰ্শকে উপভোগ কৰিলে ভলীবল । ফ্লাড লাইটৰ পোহৰত প্ৰাণ পাই উঠিল নিশাৰ খেলপথাৰ । ক্ৰীড়াৰ পৃথিৱীত উঠি অহা প্ৰজন্মক এখন উপযুক্ত মঞ্চ দিয়াৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি জনালে আছুৰ ৰাজ্যিক সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

আনহাতে চূড়ান্ত খেলখনত উপস্থিত থাকিল আছুৰ ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্ত, সম্পাদক অৱনী কুমাৰ গগৈকে আদি কৰি বহু ক্ৰীড়া জগতৰ লগত জড়িত বিশিষ্ট ব্যক্তি ।সামৰণি অনুষ্ঠানত বিজয়ী দলক ১০,০০০ আৰু বিজিত দলক ৪,০০০ টকাৰে উৎসাহিত কৰা হয় ।

বিগত সময়ত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত গাৱে-ভূঞে গঢ়ি উঠা ব্ৰহ্মপুত্ৰ ভলীবল লীগে ভলীবল ক্ষেত্ৰত সৃষ্টি কৰিছে নৱজাগৰণৰ । ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব, আছুৱে অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাৰ পৰাও গ্ৰামাঞ্চলৰ প্ৰতিভাই ক্ৰীড়াঙ্গনত এখন উপযুক্ত মঞ্চ পাওক । ভাৰতৰ ভলীবল ক্ষেত্রত দুৰ্দান্ত হৈ উঠক অসমৰ নৱপ্ৰজন্মৰ ভলীবলাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments