অলিম্পিয়া প্ৰতিবেদন
পুনৰ দক্ষিণ আফ্ৰিকাৰ জাৰ্চিত দেখা পোৱা যাব পাৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এবি ডিভিলিয়াৰ্ছক। আই পি এলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলি থকা ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ চনৰ মেত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল।
অৱসৰ ঘোষণা কৰিলেও দেশখনৰ ক্রীড়া অনুৰাগীয়ে এবি ডিভিলিয়াৰ্ছৰ প্ৰত্যাৱৰ্তনৰ বাবে সদায় আশা কৰি আহিছে। তেওঁক পুনৰ হালধীয়া জাৰ্চিত দেখা পোৱাৰ আশা পুহি ৰাখিছে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট অনুৰাগীয়ে।
সৌ সিদিনা দক্ষিণ আফ্ৰিকা ক্ৰিকেট সন্থাৰ বিষয়ববীয়ায়ো তেনে এক কথাই ব্যক্ত কৰিছিল। ক্ৰিকেট অনুৰাগীৰ এনে জল্পনা কল্পনাৰ ওৰ পৰিব পাৰে অতি শীঘ্ৰেই।
জুনত ৱেষ্টইণ্ডিজৰ বিপক্ষে অনুষ্ঠিত হ’বলগীয়া টি টুৱেন্টি শৃংখলাৰ সময়তেই ক্ৰিকেটাৰজনে প্ৰত্যাৱৰ্তন কৰিব পাৰে দক্ষিণ আফ্ৰিকা দললৈ। উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাই জুনৰ প্ৰথম ভাগত ৱেষ্টইণ্ডিজ ভ্ৰমণ কৰিব। এই ভ্ৰমণ কালছোৱাত দলটোৱে ২ খন টেষ্ট আৰু ৫ খন টি টুৱেন্টিত ভাগ ল’ব। আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা এবি ডিভিলিয়াৰ্ছে এই শৃংখলাতে টি টুৱেন্টি দললৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ আশা কৰা হৈছে।