নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
অসম হকী সন্থাই হকী কলিয়াবৰ আৰু মিছা হকী একাডেমীৰ সৌজ্যনত মিছা হাইস্কুল খেলপথাৰত আয়োজন কৰা আব্দুল জব্বাৰ সোঁৱৰণী দশম সদৌ অসম আন্তঃজিলা ছিনিয়ৰ(পুৰুষ)হকী প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন কলিয়াবৰে পুনৰ বিজয়ী খিতাপ অৰ্জন কৰিছে।আজি ফাইনেলত ঘৰুৱা দল কলিয়াবৰে নগাঁৱক ২-০ গ’লত পৰাজিত কৰে। খেলখনত বিজয়ী কলিয়াবৰ দলটোৰহৈ গ”ল দুটা দিয়ে ক্ৰমে প্ৰসেনজিৎ দেৱ( ২৫মিনিট) আৰু অভিমন্যু ভগতে(৫১মিনিট)।
ছেমি ফাইনেলত নগাঁৱে তিনিচুকীয়াক ২-০ গ’লত আৰু কলিয়াবৰে গুৱাহাটীক ১-০ গ’লত হৰুৱাই ফাইনেলত উপনীত হৈছিল।
নগাঁৱৰ তনবীৰ খানে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ,তিনিচুকীয়াৰ দীপজ্যোতি গগৈয়ে শ্ৰেষ্ঠ গ’লৰক্ষক,গুৱাহাটীৰ নিৰঞ্জন বড়োয়ে সৰ্বোচ্চ গ’লদাতা আৰু কলিয়াবৰৰ প্ৰসেনজিত দেৱে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।
মুঠ১৪টা দলৰ যোগদানৰে আয়োজিত প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত সমাজ সংগঠক ব্ৰজেন কাকতি,ক্ৰীড়া ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগঠক মনোজ কুমাৰ মহান্তী,হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস,ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা,সমীৰ হাজৰিকা,বিদ্যাধৰ কুম্ভকাৰ,ৰবীন ভূঞা,কুসুম ডেকা,মোহন ঢন্দ্ৰ বৰা,ভৰত শ্বাহ,পুলক হাজৰিকা,নাচিৰউদ্দিন আহমেদ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে।উল্লেখ্য যে,প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অফিচিয়েলৰূপে নুৰিজ্যোতি বৰুৱা পৰিগণিত হয়।