Tuesday, October 4, 2022
HomeNewsভাৰতীয় দলত স্থান লাভ নকৰাত হতাশ হৈছিলোঁ : অলিম্পিয়াৰ ফেচবুক লাইভত আবু

ভাৰতীয় দলত স্থান লাভ নকৰাত হতাশ হৈছিলোঁ : অলিম্পিয়াৰ ফেচবুক লাইভত আবু

olympiasports.in

অলিম্পিয়া বিশেষ

✍️ তুষাৰ প্ৰতিম

লকডাউনৰ বাবে এতিয়া প্ৰায়বোৰ খেলুৱৈয়ে নিজৰ গৃহতেই আৱদ্ধ হৈ আছে। স্তব্ধ হৈ আছে ক্ৰীড়া জগত‌‌। ব্যতিক্ৰম নহয় অসমৰ ক্ৰীড়া জগতখনো। এনে সময়তে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ আবু নেচিম আহমেদক olympiasports.in য়ে ফেচবুকৰ জৰিয়তে তৰুণ প্ৰজন্মৰ ক্ৰিকেটাৰ সকলৰ বাবে লৈ আহিছিল। কালি নিশা ৯ বজাত olympiasports.in ৰ ফেচবুক পেজৰ লাইভৰ জৰিয়তে আবু নেচিমে তেওঁৰ কেৰিয়াৰৰ বিষয়ে, ক্ৰিকেটৰ বিষয়ে বহু কথাই ৰাজহুৱা কৰিছে।

ঘৰুৱা ক্ৰিকেটৰ লগতে ভাৰতীয় জুনিয়ৰ অৰ্থাৎ ১৯ বছৰ অনূৰ্ধ্ব দলৰ হৈ বিভিন্ন চিৰিজ তথা বিশ্বকাপ, এছিয়া কাপ আদি প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিও ভাৰতীয় দলত স্থান লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ বাবে এসময়ত হতাশ হৈ পৰিছিল আবু। olympiasports.in ৰ ফেচবুক লাইভত আবুয়ে কৈছে–

‘২০০৫ চনত জুনিয়ৰ ইণ্ডিয়া ক্ৰিকেটত মই সাংঘাতিক ভাল প্ৰদৰ্শন দাঙি ধৰিছিলো। প্ৰত্যকখন টুৰ্ণামেণ্ট, চিৰিজত সেয়া বিশ্বকাপেই হ‌ওক বা এছিয়া কাপ গোটেইবোৰতে মই সৰ্বাধিক উইকেট দখলকাৰী নতুবা দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী আছিলোঁ। ঘৰুৱা ক্ৰিকেটতো খুব ভাল খেলিছিলো। তেতিয়া মোৰ সতীৰ্থ ইশান্ত শৰ্মা, পিযূষ চাওলা, ৰবীন্দ্ৰ জাদেজা, ৰোহিত শৰ্মা, চট্টেশ্বৰ পূজাৰা গোটেই বোৰেই এজনৰ পিছত আন এজনে ভাৰতীয় দলত স্থান লাভ কৰি আছিল। কিন্তু মই ইমান ভাল প্ৰদৰ্শন কৰিও টীম ইণ্ডিয়াত স্থান নাপালোঁ তেতিয়া হতাশ হৈছিলোঁ। সেয়ে আই চি এলত যোগদান কৰিছিলোঁ।’

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্চৰ্যশালী প্ৰতিযোগিতা আই পি এলত আবুয়ে বহু কেইটা চিজনত অংশগ্ৰহণ কৰিছিল। কালিৰ ফেচবুক লাইভটোত অনুৰাগীসকলে আই পি এলৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ বহু স্মৃতি ৰোমন্থন কৰিলে।আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলটো চেম্পিয়ন হোৱাৰ সময়খিনি তেওঁৰ আই পি এলৰ ভাল লগা সময় বুলিও অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত ক’লে।

ভাৰতীয় ক্ৰিকেটৰ স্বনামধন্য ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ প্ৰসংগত আবুয়ে কয় যে, ভাৰতীয় ক্ৰিকেটৰ অনূৰ্ধ্ব ১৯ দলৰ সদস্য হিচাপে নিউজিলেণ্ড ভ্ৰমণৰ সময়ছোৱাত ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰক প্ৰথম লগ পাইছিল। আবুৰ মতে সেয়া আছিল তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত। আনহাতে মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ আই পি এল খেলাৰ সময়ত শচীন তেণ্ডুলকাৰৰ লগত একেটা ড্ৰেছিং ৰুম ব্যৱহাৰৰ কৰাৰ লগতে তেওঁৰ টিপছ অনুসৰিয়েই কলকাতাত গৌতম গম্ভীৰক ব’ল্ড কৰিবলৈ সক্ষম হৈছিল বুলি জনাইছে।

অতি সোনকালে ভাৰতীয় জাতীয় ক্ৰিকেট দলত অসমীয়া খেলুৱৈয়ে স্থান লাভ কৰিব বুলি আশা কৰা আবুৰ মতে প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ, মুক্তাৰ হুছেইন, মৃন্ময় দত্তৰ ভিতৰত কোনো এজনে ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। তেওঁ কয়–

‘ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ বহু কষ্ট কৰিব লাগিব। মই টীম ইণ্ডিয়াৰ বাহিৰে বাকী সকলো ক্ৰিকেট খেলিলো। টীম ইণ্ডিয়াৰ সদস্য হবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। খুব সোনকালেই ভাৰতীয় দলত অসমৰ খেলুৱৈয়ে স্থান লাভ কৰিব। অসমৰ খেলুৱৈৰ প্ৰতিভা আছে। অসমৰ খেলুৱৈয়ে যদি বাহিৰৰ ভাল প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ লয়, ঘৰুৱা মেচ আৰু ক্লাব মেচ বহু পৰিমাণে খেলে তেনে তেওঁলোকৰ প্ৰতিভাই বিকাশ পাব। ৰিয়ান পৰাগ, মুক্তাৰ হুছেইন আৰু জুনিয়ৰ ক্ৰিকেটত মৃন্ময় দত্ত আছে। এওঁলোকৰ এজনে টীম ইণ্ডিয়াত খেলাৰ সুযোগ লাভ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।’

বিশ্বৰ বহু তাৰকা ক্ৰিকেটাৰৰ সংস্পৰ্শলৈ অহা আবু নেচিম আহমেদে সেই স্মৃতি ৰোমন্থন কৰি অনুৰাগী সকলক ফেচবুক লাইভটোৰ জৰিয়তে তাৰ কিছু আভাস দিয়ে। শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ তথা বিখ্যাত বলাৰ লাচিথ মালিংগাৰ পৰা মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ খেলাৰ সময়ত আবুয়ে বহু কথা শিকিবলৈ সক্ষম হৈছিল। খেল পথাৰৰ বাহিৰে-ভিতৰে, অনুশীলনৰ সময়ত মালিংগাই আবুক বহু কথাই কৈছিল। মালিংগাৰ পৰা আয়ত্ব কৰা বলিং টিপছ বোৰ ঘৰুৱা ক্ৰিকেটত, আই পি এলত প্ৰয়োগ কৰি আবুয়ে বহু সফলতা অৰ্জন কৰিছে বুলিও জনাইছে।

জুনিয়ৰ ক্ৰিকেটত এছিয়া কাপৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে সাতটা উইকেট দখল কৰিবলৈ সক্ষম হোৱা আবুয়ে ঘৰুৱা ক্ৰিকেটত গোৱাৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই দুটা মুহূৰ্তক আবুয়ে ভাল লগা মুহূৰ্ত বুলিও আবুয়ে কালিৰ লাইভ ভিডিঅ’টোত উল্লেখ কৰিছে।

আনহাতে তৰুণ প্ৰজন্মৰ ক্ৰিকেটাৰ সকলক ফিটনেছৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াই আবুয়ে কয় যে, ফিটনেছৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। যিবোৰ ক্ৰিকেটাৰৰ ফিটনেছ ভাল তেওঁলোকেহে ইণ্টাৰনেচনেল খেলাৰ সুযোগ লাভ কৰি আছে। ভাৰতীয় চিনিয়ৰ দলত স্থান লাভ কৰিবলৈ হ’লে উদীয়মান ক্ৰিকেটাৰসকলে অনুশীলনৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। মানসিকভাৱে সবল হ’ব লাগিব। মানসিকভাৱে সবল হবলৈ যোগ কৰিব লাগিব। প্ৰচুৰ পৰিমাণে মেচ খেলিব লাগিব। সকলো মেচতে ভাল প্ৰদৰ্শন কৰিব লাগিব। ভাল প্ৰদৰ্শন কৰিলেহে নিৰ্বাচকৰ দৃষ্টিত পৰিব। প্ৰসংগক্ৰমে প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে খুব কষ্ট কৰে বুলি উল্লেখ কৰিছে।

আনহাতে অসম ক্ৰিকেটৰ প্ৰসংগত আবুয়ে কয় যে, বিগত দুটা বছৰ বাহিৰা খেলুৱৈৰ অবিহনে ঘৰুৱা ক্ৰিকেটাৰক লৈয়ে অসম দলটোৱে খেলি আছে। সেয়ে কিছু প্ৰদৰ্শনত প্ৰভাৱ পৰিছে। আগন্তুক বৰ্ষত অসমৰ প্ৰদৰ্শন উন্নত হ’ব বুলি আশা প্ৰকাশ কৰিছে আবুয়ে। আবুৰ মতে ইতিমধ্যে দুটা ছিজনত অসমৰ বলিং, বেটিং সকলো ভালকৈ সংগবদ্ধ হৈ গৈছে। গতিকে আগন্তুক বৰ্ষত উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰিব। অসম ক্ৰিকেটৰ প্ৰসংগত এক প্ৰশ্নৰ উত্তৰত আবুয়ে কয় যে অসমৰ দুটা শক্তিশালী দিশ হৈছে বলিং আৰু ফিল্ডিঙ আনহাতে অসমৰ দুটা দুৰ্বল দিশ হৈছে উইকেট পতন হ’লে একেৰাহে বহুকেইটা উইকেট পতন হয় আৰু কঠিন সময়ত মানসিক চাপ সহ্য কৰিব নোৱাৰে। আবুয়ে কয়—

‘অসম ক্ৰিকেটৰ পেচ বলি‌ংৰ দিশটো বহু শক্তিশালী। মই আছোঁ, কৃষ্ণ দাস, অৰূপ দাস, মুক্তাৰ হুছেইন আদিকে কৰি বহু ভাল পেচ বলাৰ আছে। স্পিন বলো ভাল। তাৰোপৰি অসমৰ ফিল্ডিং আনৰ তুলনাত বহুত ভাল। কাৰণ অসমৰ ১১ জনেই ভাল ফিল্ডিং কৰে। মই দেখা নাপাওঁ আন দলত তেওঁলোকৰ ১১ জনেই ভাল ফিল্ডিং কৰা। আনহাতে অসমৰ দুৰ্বল দিশ বুলি ক’লে, আমাৰ যেতিয়া উইকেট পতন হয়, তেতিয়া একেৰাহে দুই, তিনিটা উইকেট পৰে। ইয়াক ৰোধ কৰিব পাৰিলে আমি বহু ওপৰলৈ যাব পাৰিম। আৰু কঠিন সময়ত মানসিক চাপ সহ্য কৰিব পাৰিলেও আমি বহু আগুৱাই যাব পাৰিম।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments