Wednesday, September 28, 2022
HomeNewsপৰিস্থিতিত পৰি পুৰি-চবজিৰ দোকান দিবলৈ বাধ্য হোৱা ক্ৰিকেটাৰ প্ৰকাশৰ কাষত এ চি...

পৰিস্থিতিত পৰি পুৰি-চবজিৰ দোকান দিবলৈ বাধ্য হোৱা ক্ৰিকেটাৰ প্ৰকাশৰ কাষত এ চি এ; আগবঢ়ালে ১ লাখৰ সাহাৰ্য্য

অলিম্পিয়া প্রতিবেদন

সৌ সিদিনা ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো অসমৰ ৰঞ্জী ক্ৰিকেটাৰ প্ৰকাশ ভগতৰ বাতৰি প্ৰকাশ পাইছিল। কেনেদৰে এসময়ৰ ৰঞ্জী ক্ৰিকেটাৰগৰাকীয়ে আৰ্থিক অনাটনৰ বাবে সাধাৰণ পুৰি চবজিৰ দোকান দি পৰিয়াল পোহপাল দিবলগীয়া হৈছিল সেই বিষয়ে ইতিমধ্যে সবিস্তাৰে প্ৰকাশ পাইছিল। ক্ৰিকেটাৰগৰাকীৰ এই দুৰৱস্থাৰ সময়ত এতিয়া তেওঁৰ কাষত সহায় হৈ থিয় দিছে অসম ক্ৰিকেট সন্থা।

সন্থাই ক্ৰিকেটাৰগৰাকীলৈ ১ লাখ টকাৰ সাহাৰ্য্য দিয়াৰ কথা ঘোষণা কৰিছে। সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই এই সম্পৰ্কে প্ৰকাশ কৰি কয় যে অসম ক্ৰিকেট সন্থাই আলোচনা মৰ্মে শিলচৰৰ ক্ৰিকেটাৰ প্ৰকাশ ভগতক ১ লাখ টকাৰ সাহাৰ্য্য দিয়াৰ লগতে ৰাজ্যৰ আন এগৰাকী উদীয়মান মহিলা ক্ৰিকেটাৰ ৰুজুনমণি বৰাকো ৫০ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াইছে। উল্লেখযোগ্য যে, অসমৰ অনুর্ধ ১৯ বৰ্ষৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ ৰুজুনমণি বৰাও দীৰ্ঘদিন ধৰি আৰ্থিক সংকটত ভুগি আহিছিল।

ইপিনে, শিলচৰৰ ক্ৰিকেটাৰগৰাকীয়ে পোন প্ৰথমে সংবাদ প্ৰতিষ্ঠান আই এন এছৰ আগত তেওঁৰ দুৰৱস্থাৰ কথা ৰাজহুৱা কৰিছিল। বাতৰি প্ৰকাশ হোৱাৰ পিছৰে পৰা ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিশেষভাৱে চর্চা লাভ কৰিছিল প্ৰকাশ ভগতৰ কাহিনীয়ে।

উল্লেখযোগ্য যে, প্ৰকাশে অসমৰ হৈ অনুর্ধ ১৭ বৰ্ষৰ বিজয় মাৰ্চেন্ট ট্ৰফীত ভাগ লৈছিল। বিহাৰৰ বিপক্ষে হেট্ৰিকসহ সাতটা উইকেট দখলো কৰিছিল ভগতে।
তাৰোপৰি অসমৰ হৈ তেওঁ ২০০৯-১০ আৰু ২০১১-১২ বৰ্ষৰ ৰঞ্জী ট্ৰফীতো ভাগ লৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল। ২০১১ চনত পিতৃৰ মৃত্যু হোৱাৰ পিছত সমস্ত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হোৱাত ক্ৰিকেটক বিদায় দিবলৈ বাধ্য হৈছিল ক্ৰিকেটাৰগৰাকী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments