Monday, October 3, 2022
HomeNewsপ্ৰাক্তন ৰঞ্জী খেলুৱৈ ডঃ আনন্দ চন্দ্ৰ শৰ্মাৰ বিয়োগত এ চি এৰ শোক...

প্ৰাক্তন ৰঞ্জী খেলুৱৈ ডঃ আনন্দ চন্দ্ৰ শৰ্মাৰ বিয়োগত এ চি এৰ শোক প্ৰকাশ

অলিম্পিয়া বাৰ্তা

প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা তেজপুৰৰ বিশিষ্ট চিকিৎসক ডঃ আনন্দ চন্দ্ৰ শৰ্মাৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম ক্ৰিকেট সংস্থাই। সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ডঃ শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ডঃ শৰ্মাই চিকিৎসা ক্ষেত্ৰখনৰ লগতে অসমৰ ক্ৰিকেট তথা ফুটবলৰ ক্ষেত্ৰলৈও উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। পেছাত চিকিৎসক ডঃ শৰ্মা ১৯৫৫-৫৬ চিজনৰ অসম ৰঞ্জী দলটোৰ এজন সদস্য আছিল।

তেজপুৰৰ এইজন চিকিৎসক খেলুৱৈৰ যোৱা ৯ মে’ তাৰিখে গৃহ চহৰতে পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ছোৱাত বিশেষভাৱে সেৱা আগবঢ়োৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পৰা বিশেষ প্ৰশংসা পত্ৰ লাভ কৰিছিল। তাৰোপৰি ডঃ শৰ্মা ৰেড ক্ৰছ ছ’চাইটিৰো এজন সন্মানীয় সদস্য আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments