Tuesday, October 4, 2022
HomeNewsঅসম প্ৰবীণ ক্ৰিকেট সন্থাৰ দ্বাৰা সম্বৰ্ধিত ৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়া

অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ দ্বাৰা সম্বৰ্ধিত ৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়া

অলিম্পিয়া প্রতিবেদন

ৰাজ্যৰ নৱ নিযুক্ত মহাধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক আজি অসম প্ৰবীণ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ বহুকেইগৰাকী প্ৰতিনিধিয়ে আজি তেওঁৰ বাসভৱনত উপস্থিত হৈ বিশিষ্ট আইনবিদ তথা ক্রীড়া সংগঠকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধনা জ্ঞাপন কৰি অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ সম্পাদক নাছিৰ গুল খানে শইকীয়াক নতুন কৰ্মজীৱনৰ বাবে শুভকামনা জনায়। ভাষণ প্ৰসংগত খানে শইকীয়াৰ নেতৃত্বত অসম ক্ৰিকেট সন্থাই এক নতুন ৰূপ লাভ কৰা বুলি মন্তব্য কৰি তেওঁৰ কাৰ্যকালত অসমৰ ক্ৰিকেট খণ্ডত ব্যাপক আন্তঃগাঁঠনিমূলক কাম কাজ হোৱা বুলি উল্লেখ কৰে। অসমৰ বহুকেইগৰাকী প্ৰাক্তন তথা বৰ্তমানৰ ক্ৰিকেটাৰক বিভিন্ন সময়ত এ চি এই চিকিৎসা ব্যয় বহন কৰাৰ দৰে কাৰ্য্যৰো ভূয়সী প্ৰশংসা কৰে অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ সম্পাদকজনে। তাৰোপৰি তেওঁ শইকীয়াৰ নেতৃত্বত বিগত সময়ছোৱাত অসম ক্ৰিকেট সন্থা দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল নীতিৰে আগবঢ়া বুলিও মন্তব্য কৰে। ইপিনে সম্বৰ্ধনা গ্ৰহণ কৰি দেৱজিত শইকীয়াই অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ সভাপতি নৱ কোঁৱৰ, কাৰ্যবাহী সভাপতি প্ৰণৱ শৰ্মা, সন্থাৰ সম্পাদক নাছিৰ গুল খান, কোষাধ্যক্ষ তন্ময় জ্যোতি মহন্ত আৰু উপদেষ্টা শংকৰ দত্ত লহকৰ।

উল্লেখযোগ্য যে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাই দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিত শইকীয়াই ৰাজ্যৰ ১৮ সংখ্যক মহাধিবক্তা হিচাবে নিযুক্তি লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments