Tuesday, July 5, 2022
HomeNewsৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন এ চি এৰ

ৰাজ্যৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন এ চি এৰ

অলিম্পিয়া প্রতিবেদন

ৰাজ্যৰ মহাধিবক্তা হিচাবে নতুনকৈ নিযুক্তি লাভ কৰা জ্যেষ্ঠ অধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক আজি অসম ক্ৰিকেট সন্থা পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰে। বর্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত সম্বৰ্ধনা সভাত শইকীয়াক সম্বৰ্ধনা জনাই দিয়া ভাষণ প্ৰসংগত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই শইকীয়াৰ কৰ্মপটুতাৰ শলাগ লয়। দেৱজিত শইকীয়াই এ চি এৰ সম্পাদক হিচাবে অসমৰ ক্ৰিকেটৰ মানচিত্ৰখন সলনি কৰি দিয়া বুলি উল্লেখ কৰি দত্তই কয় যে, কৰ্মদক্ষতা তথা কঠোৰ পৰিশ্ৰমৰ বলত দেৱজিত শইকীয়া আজি ৰাজ্যৰ মহাধিবক্তাৰ দৰে সন্মানজনক এক পদবী লাভ কৰিছে।

সম্বৰ্ধনা গ্ৰহণ কৰি শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তৰ লগতে সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য তাপস চক্ৰৱৰ্তী, ষ্টেট ক্ৰিকেট একাডেমীৰ টেকনিকেল ডাইৰেক্টৰ, গণেশ দত্ত সুঘ, হোজাই জিলা ক্ৰিকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ আদি উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments