অলিম্পিয়া প্ৰতিবেদন
ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঁথনি নিৰ্মাণৰ ধাৰা অব্যাহত ৰাখি দেওবাৰে দুধনৈ মহাবিদ্যালয়ৰ সৈতে এক বুজা-পৰাৰ চুক্তিত স্বাক্ষৰ কৰে অসম ক্ৰিকেট সন্থাই। দুধনৈত ক্ৰিকেটীয় পৰিৱেশ উজ্জীৱিত কৰি তোলা তথা জিলাখনত ক্ৰিকেটৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্য আগত ৰাখি দুধনৈ মহাবিদ্যালয় আৰু অসম ক্ৰিকেট সন্থাৰ মাজত এই চুক্তি সম্পাদিত হয়।
দেওবাৰে দুধনৈৰ স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভাৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া আৰু দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত চন্দ্ৰ ৰাভাই এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে দুধনৈ কলেজত ক্ৰিকেট গ্ৰাউণ্ডৰ নিৰ্মাণ কৰিব এ চি এই। অসমত ক্ৰিকেটৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ বাবে লোৱা বিভিন্ন আঁচনিৰ অন্তৰ্গত এই বিশেষ পদক্ষেপ লোৱা হৈছে বুলি জানিবলৈ দিছে অসম ক্ৰিকেট সন্থাই।