Tuesday, October 4, 2022
HomeNewsকৰ'না ভাইৰাছৰ বাবে তলাবন্ধ: অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ

কৰ’না ভাইৰাছৰ বাবে তলাবন্ধ: অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ

সম্প্ৰতি সমগ্ৰ দেশযুৰি চলি থকা তলা বন্ধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ। অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা ঘোষণা কৰে । প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি কৰ’নাৰ বিৰুদ্ধে অসম চৰকাৰে চলাই যোৱা যুঁজত অসম ক্ৰিকেট সন্থাই সহযোগিতাৰ চিন স্বৰূপে আগবঢ়াব মুঠ ৫০ লাখ টকাৰ সাহাৰ্য্য। ইয়াৰে ২৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য নিধিলৈ আগবঢ়োৱাৰ লগতে বাকী ২৫ লাখ আগবঢ়াব অসম আৰোগ্য নিধিলৈ।

তাৰোপৰি বিপদৰ এই সন্ধিক্ষণত অসম ক্ৰিকেট সন্থাই ইয়াৰ কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰোপৰি সন্থাৰ সভাপতি ৰমেন দত্তই অসম ক্ৰিকেট সন্থাৰ গ্ৰাউণ্ড ষ্টাফ, টেকনিকেল ষ্টাফ আৰু প্ৰতিৰক্ষাত কৰ্মৰত লোকসকলক এই সময়ছোৱাত প্ৰয়োজনীয় ৰেচনৰ যোগান ধৰা কার্যত সন্থাই সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে অসম ক্ৰিকেট সন্থাই অসম ক্ৰিকেটৰ সৈতে জড়িত সকলোকে ভাৰত তথা অসম চৰকাৰে গ্ৰহণ কৰা কৰ’না প্ৰতিৰোধী কাৰ্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments