Sunday, October 2, 2022
HomeNewsএ চি এ'ৰ বিশেষ পদক্ষেপ; নিৰ্মান কৰা হ'ব দহখনকৈ টাৰ্ফ উইকেট

এ চি এ’ৰ বিশেষ পদক্ষেপ; নিৰ্মান কৰা হ’ব দহখনকৈ টাৰ্ফ উইকেট

অলিম্পিয়া বাৰ্তা

দূৰ্বল বেটিং প্ৰদৰ্শন অসম ক্রিকেটৰ এক প্ৰধান সমস্যা হিচাবে চিহ্নিত হৈ আহিছে। তাৰ মুখ্য কাৰণ হৈছে অসমত পৰ্যাপ্ত পৰিমাণৰ টাৰ্ফ উইকেটৰ অভাৱ। অসম ক্ৰিকেটৰ দীৰ্ঘদিনীয়া টাৰ্ফ উইকেটৰ সমস্যাৰ অন্ত পেলাবলৈ অসম ক্ৰিকেট সন্থাই লৈছে বিশেষ পদক্ষেপ। সন্থাটোৱে অসমত দহখনকৈ টাৰ্ফ উইকেট নিৰ্মাণৰ কাম হাতত লৈছে। সেই উদ্দেশ্যে অসম ক্ৰিকেট সন্থাই টাৰ্ফ উইকেট নিৰ্মাণৰ উপযোগী পিটছৰ মাটি আমদানি কৰিছে ওড়িষ্যাৰ পৰা। ওড়িষ্যাৰ বালাংগীৰ নামৰ ঠাইৰ পৰা ইতিমধ্যে চাৰিখন ট্ৰাকত টাৰ্ফ পিটছৰ উপযোগী মাটি কঢ়িয়াই অনা হৈছে।

মাটিগ্ৰহণ কৰা মুহূৰ্তত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া সকল

আজি সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, যুটীয়া সম্পাদক কামাখ্যা শইকীয়াৰ লগতে আন আন বিষয়ববীয়াসকলে চাৰিখনকৈ ট্ৰাকত কঢ়িয়াই অনা মাটিসমূহ আমিনগাঁৱত গ্ৰহণ কৰে। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ক্ৰিকেট ষ্টেডিয়ামত এই মাটিৰে দহখন টাৰ্ফ উইকেট নিৰ্মাণ কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments