Sunday, October 2, 2022
HomeNewsএ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেট : ফাইনেলত ধনশিৰি বনাম...

এ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেট : ফাইনেলত ধনশিৰি বনাম ডিগাৰু

অলিম্পিয়া প্ৰতিবেদন

ধনশিৰি ডেছাৰ্ছ আৰু ডিগাৰু বীৰাংগনাই এ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেট টুৰ্ণামেন্টৰ ফাইনেলত উপনীত হৈছে | ৬ মাৰ্চ অৰ্থাৎ দেওবাৰে খিতাপৰ বাবে দুয়ো যুঁজ দিব | শনিবাৰে আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত লীগ মেচৰ প্ৰথমখনত দিখৌ টাইগ্ৰেছে ৪ উইকেটত পৰাস্ত কৰে কপিলী প্ৰিন্সেছক | কপিলী দলে অৰ্চনা দত্তৰ ১৯ ৰাণৰ সহায়ত ৪ উইকেটত কৰে ৮৩ ৰাণ | প্ৰতিপক্ষৰ কল্পনা চাউতাল আৰু হেমলতা পায়েঙ উভয়ে দুটাকৈ উইকেট দখল কৰে | প্ৰত্যুত্তৰত দিখৌ দলে কল্পনা চাউতালৰ ৩০ ৰাণৰ জৰিয়তে ১৯.১ অভাৰত ৬ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে | বিপক্ষৰ নীলাক্ষী বৰাই লাভ কৰে দুটা উইকেট | দ্বিতীয় মেচত ডিগাৰু বীৰাংগনাই ধনশিৰি দেছাৰ্ছক ৬ ৰাণত হৰুৱায় | ডিগাৰুয়ে ৭ উইকেটত কৰে ১০৩ ৰাণ | দলৰ মণিষা দাসে ৫৩ আৰু সুপৰ্ণা সিনহাই ১৮ ৰাণ কৰে | বিপক্ষৰ পুষ্পা চক্ৰৱতীয়ে দুটা উইকেট লাভ কৰে | ইয়াৰ বিপৰীতে ধনশিৰিয়ে জিন্তিমণি কলিতাৰ ১৯ ৰান সত্বেও ৫ উইকেটত ৯৭ ৰান কৰি পৰাস্ত হয় |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments