Tuesday, October 4, 2022
HomeNewsএ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী :দিখৌ, ডিগাৰুৰ জয়লাভ

এ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী :দিখৌ, ডিগাৰুৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

দিখৌ টাইগ্ৰেছ দলে এ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেটৰ মঙলবাৰৰ প্ৰথম মেচত জয়লাভ কৰিছে । আমিনগাঁও ষ্টেডিয়ামত দলটোৱে ২৫ ৰাণত পৰাভূত কৰে বৰাক কুইন্সক । দিখৌ দলে ৫ উইকেটত সংগ্ৰহ কৰে ৯৯ ৰাণ । দলৰ হেমলতা পায়েঙে ২৫ আৰু হিৰামণি শইকীয়াই ২৩ ৰাণ কৰে । বলিঙত প্ৰতিপক্ষৰ পাপৰি গগৈয়ে ২ টা উইকেট পায় ।প্ৰত্যুত্তৰত বৰাকে ৯ উইকেটত মাত্র ৭৪ ৰাণ কৰে। দলৰ পাপৰি গগৈয়ে ৩৫ ৰাণ কৰাৰ বিপৰীতে বিজয়ী দলৰ মাইনী পাইঙে ৩ টা উইকেট দখল কৰে ।

দ্বিতীয় মেচত ডিগাৰু বীৰাংগনাই ধনশিৰি ডেছাৰ্ছৰ বিৰুদ্ধে ৬০ ৰাণত বিজয়ী হয় ।ডিগাৰুৱে মনিষা দাসৰ অপৰাজিত শতকৰ সহায়ত ৩ উইকেটত কৰে ১৪৪ ৰাণ । মণিষাই ৬০ টা বলৰ ১০১ ৰাণত আউট নোহোৱাকৈ ৰয় । ইয়াৰ বিপৰীতে ধনশিৰিয়ে ১৮ অভাৰত ৮৪ ৰাণতে ইনিংছ সামৰে । দলৰ দেৱশ্ৰী কোঁৱৰে ৩২ ৰাণৰ বৰঙণি যোগায় । বিজয়ী দলৰ মল্লিকা বড়ো আৰু পাৰবিন চুলতানাই ২ টাকৈ উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments