Friday, September 30, 2022
HomeNewsএ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেট : ডিগাৰু বীৰাংগনা, ধনশিৰিৰ...

এ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেট : ডিগাৰু বীৰাংগনা, ধনশিৰিৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

ডিগাৰু বীৰাংগনা দলে এ চি এ মহিলা টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেটৰ শুকুৰবাৰৰ প্ৰথম মেচত জয়লাভ কৰিছে । আমিনগাঁও ষ্টেডিয়ামত দলটোৱে দিখৌ টাইগ্ৰেছক ৯ উইকেটত পৰাস্ত কৰে | দিখৌ দলে ১৫. ৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪৫ ৰাণ | বলিঙত সুপৰ্ণা সিনহাই ৩ টা আৰু উৰ্মিলা চেটাৰ্জীয়ে দুটা উইকেট দখল কৰে | প্ৰত্যুত্তৰত মণিষা দাসৰ অপৰাজিত ৩৬ ৰাণৰ সহায়ত ৭.২ অভাৰত মাত্র এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে | দ্বিতীয় মেচত ধনশিৰি ডেছাৰ্চে ৫৫ ৰাণত পৰাস্ত কৰে কপিলী প্ৰিন্সেছক | ধনশিৰিয়ে নিৰ্ধাৰিত অভাৰত ৪ উইকেটত কৰে ১১২ ৰাণ | দলৰ উমা ছেত্ৰীয়ে ৫৩ আৰু ৰুহিনা পেগুৱে ২২ ৰাণৰ বৰঙণি যোগায় । বিপক্ষৰ নীলাক্ষী বৰাই লাভ কৰে দুটা উইকেট | প্ৰত্যুত্তৰত কপিলী দলে নিৰ্ধাৰিত অভাৰত ৮ উইকেটত মাত্র ৫৭ ৰাণহে কৰে | বিজয়ী দলৰ প্ৰিয়া বৰ্মনে দুটা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments