অলিম্পিয়া প্ৰতিবেদন
দিখৌ টাইগ্ৰেছ দলে এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফী ক্ৰিকেটৰ বুধবাৰৰ প্ৰথম মেচত জয়লাভ কৰিছে । আমিনগাঁও ষ্টেডিয়ামত দলটোৱে ৮ ৰাণত পৰাভূত কৰে ডিগাৰু বীৰাংগনা দলক । দিখৌ দলে ৫ উইকেটত সংগ্ৰহ কৰে ১০৮ ৰাণ । দলৰ কল্পনা চাওতালে ৩১ ৰাণ কৰে । বলিঙত প্ৰতিপক্ষৰ পাৰবিন চুলতানাই ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত ডিগাৰুৱে মণিষা দাসৰ ৩৮ ৰাণ সত্ত্বেও নিৰ্ধাৰিত অভাৰত ১০০ ৰাণহে কৰে । বিজয়ী দলৰ অৰ্পণা কৰ্মকাৰে ২ টা উইকেট দখল কৰে । দ্বিতীয় মেচত ধনশিৰি ডেৰ্ছাছে ১০ উইকেটত পৰাস্ত কৰে সোৱণশিৰি চেম্পছক । সোৱণশিৰিয়ে ৪ উইকেটত স্ংগ্ৰহ কৰে ৭৬ ৰাণ । দলৰ উমা ৰাণাই ২০ ৰাণৰ বৰঙণি যোগায় । প্ৰত্যুত্তৰত ধনশিৰিয়ে ১১.২ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । বিজয়ী দলৰ ফ্লৰিণা টায়ে ২৯ আৰু উমা চেত্ৰীয়ে ২৫ ৰাণত আউট নোহোৱাকৈ ৰয় ।