Sunday, October 2, 2022
HomeNewsআৰম্ভ হ'ল এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰ ট্ৰফী

আৰম্ভ হ’ল এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰ ট্ৰফী

অলিম্পিয়া প্ৰতিবেদন

মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ আমিনগাঁও ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট । অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈক লৈ গঠিত মুঠ ৬ টা দলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম মেচত কপিলী টাইগ্ৰেছে সুৱণশিৰি চেম্পছৰ বিৰুদ্ধে ৬৪ ৰাণত জয়লাভ কৰে । কপিলীৰ হৈ অৰ্চনা দত্তই ৪১ ৰাণ কৰাৰ বিপৰীতে বলিঙত সুৱণশিৰিৰ উমা ৰাণাই ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত সুৱণশিৰিয়ে ১২ অভাৰত ৪৩ ৰাণতে ইনিংছ সামৰে । দ্বিতীয় মেচত ডিগাৰু বীৰাংগনা দলে ৫৫ ৰাণত হৰুৱাই বৰাক কুইন্সক । ডিগাৰুৱে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত কৰে ১৪৫ ৰাণ । দলৰ অনামিকা বড়িয়ে ৫৩ ৰাণ কৰাৰ লগতে ৩ টা উইকেট লাভ কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় । বলিঙত ৰেখাৰাণী বৰাই ৪ টা উইকেট লাভ কৰে । ইয়াৰ বিপৰীতে বৰাকৰ দলে পাপৰি গগৈৰ ২৭ ৰাণ সত্ত্বেও ৮ উইকেটত ৯০ ৰাণতে অভিযান সামৰে । প্ৰতিযোগিতাৰ আন দুটা দল হ’ল– দিখৌ টাইগ্ৰেছ আৰু ধনশিৰি ডেছাৰ্ছ । দৈনিক দুখনকৈ হ’বলগীয়া প্ৰতিযোগিতাৰ সকলো মেচ ফানক’ড এপ যোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । ফাইনেলখন হ’ব ৬ মাৰ্চত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments