Wednesday, July 6, 2022
HomeNewsকমনৱেলথ গেমছৰ পিছত নিৰ্বাচন; শ্ৰেয়াসীৰ বাবে সকলো সহজ

কমনৱেলথ গেমছৰ পিছত নিৰ্বাচন; শ্ৰেয়াসীৰ বাবে সকলো সহজ

অলিম্পিয়া প্ৰতিবেদন

কমনৱেলথ গেমছত দেশৰ হৈ স্বৰ্ণ কঢ়িয়াই অনা শ্ৰেয়াসীয়ে নিৰ্বাচনতো প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হ’ল। তীক্ষ্ণ দৃষ্টিৰ শ্ৰেয়াসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ। কেৱল শ্বুটিং ৰেঞ্জতে নহয়, ভোটাৰৰ মনৰো লক্ষ্য ভেদ কৰাত সফল হ’ল এইগৰাকী উদীয়মান খেলুৱৈ তথা ৰাজনীতিবিদ।

https://twitter.com/AnOpenLetter001/status/1326204124262621184?s=20

সদ্য ঘোষিত বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ জামুই সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা শ্ৰেয়াসীয়ে আৰ জে ডিৰ বিধায়ক বিজয় প্ৰকাশক পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰায় ৪১,০০০ ৰ বিশাল ব্যৱধানত শ্ৰেয়াসীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় বিজয় প্ৰকাশে। প্ৰাক্তন শ্বুটাৰগৰাকীয়ে ৭৯,১৫৬ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰকাশে লাভ কৰে কেৱল ৩৮,১৪৭ টা ভোট।

উল্লেখযোগ্য যে, ২৭ বছৰীয়া শ্ৰেয়াসী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিগ্বিজয় সিঙৰ কণ্যা। যি দিগ্বিজয় সিং আছিল এসময়ত নীতিশ কুমাৰৰ সহযোগী। ইপিনে তেওঁৰ মাতৃ পুতুল কুমাৰীয়েও বিজেপিৰ পৰা লোকসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments