Friday, September 30, 2022
HomeNewsএ এফ চি মহিলা ফুটবল দিৱসত এন আৰ এলত ছোৱালীৰ লীগ

এ এফ চি মহিলা ফুটবল দিৱসত এন আৰ এলত ছোৱালীৰ লীগ

অলিম্পিয়া প্ৰতিবেদন

যোৱা ১৩ মাৰ্চ দেওবাৰে এন আৰ এল ফুটবল একাডেমীৰ উদ্যোগত এ এফ চি মহিলা ফুটবল দিৱস, ২০২২ উপলক্ষে একাডেমীৰ খেলপথাৰত ছোৱালীৰ ফুটবল লীগ আয়োজন কৰা হয় । উক্ত দিনজোৰা কাৰ্যসূচীত পুৱা ৮ বজাৰ পৰা এন আৰ এল একাডেমীৰ তত্বাৱধানত থকা ৭ টা প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰৰ ছোৱালী খেলুৱৈসকলৰ মাজত ৮ টা দলত বিভক্ত কৰি এখন ফুটবল লীগ অনুষ্ঠিত কৰা হয় । এই ৮ টা দল — কলং , কপিলী , ধনশিৰি , জাঁজী , দিহিং, দিচাং , সুৱণশিৰি আৰু বগী নদী আদি অসমৰ বিভিন্ন নদীৰসমূহৰ নামেৰে নামকৰণ কৰা হয় । লীগৰ বিজয়ীৰ সন্মান অৰ্জন কৰে “বগী নদী” ছোৱালী দলে আৰু বিজিতৰ সন্মান অৰ্জন কৰে ” সুৱণশিৰি” দলে । প্ৰায় শতাধিক ছোৱালীয়ে অংশগ্ৰহণ কৰা এই ফুটবল লীগত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ ৰাজকমল শইকীয়া আৰু বিপুল ঠাকুৰীয়া । বিজয়ী ট্ৰফী প্ৰদান কৰে বিপুল ঠাকুৰীয়াই আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰে এ এফ চি ‘এ’ লাইচেন্সপ্ৰাপ্ত প্ৰশিক্ষক একেন্দ্ৰ সিঙে । লীগৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বগী নদী দলৰ চিনু মৰাঙে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments