অলিম্পিয়া প্ৰতিবেদন
আফগানিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ নাজীৱ তাৰাকাইৰ এক পথ দুৰ্ঘটনাত মঙ্গলবাৰে মৃত্যু ঘটে। যালালাবাদৰ পূব ননগৰহৰত এটা পথ অতিক্ৰম কৰোঁতে গাড়ীয়ে খুন্দিয়াই আহত কৰে ক্ৰিকেটাৰগৰাকীক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা নাজীৱ লগে লগে ক’মালৈ যায়। পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও অৱশেষত ক্ৰিকেটাৰজনে মৃত্যুক সাৱটি লয়। টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে আফগানিস্তান ক্ৰিকেট এছ’চিয়েচনে।
উল্লেখযোগ্য যে,২০১৪ চনত এছিয়া কাপত বাংলাদেশৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পাতনি মেলিছিল নাজীবে। আফগানিস্তানৰ হৈ ১২ খন টি-টুৱেন্টিত ভাগ লোৱা ক্ৰিকেটাৰগৰাকীয়ে আয়াৰলেণ্ডৰ বিপক্ষে কৰা ৯০ ৰান আছিল তেওঁৰ সৰ্বোচ্চ স্ক’ৰ। অৱশ্যে তাৰ পিছৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্তৰত দেখা পোৱা যোৱা নাছিল ক্ৰিকেটাৰগৰাকীক।