Friday, September 30, 2022
HomeNewsতালিবানৰ উত্থান: জাকিয়াৰ সপোন ভাঙি হ'ল চূৰমাৰ

তালিবানৰ উত্থান: জাকিয়াৰ সপোন ভাঙি হ’ল চূৰমাৰ

অলিম্পিয়া প্রতিবেদন

জাকিয়া খোদাডাদি। আফগানিস্তানৰ পৰা টকিঅ’ পেৰালিম্পিকলৈ নিৰ্বাচিত প্ৰথমগৰাকী মহিলা পেৰা খেলুৱৈ। এসপ্তাহৰ আগতে জাকিয়াৰ প্ৰতিটো দিনেই আছিল প্ৰৱল প্ৰত্যাশাজনক, গভীৰ আত্মসন্তুষ্টিৰ। নিজ দেশৰ ক্রীড়া ইতিহাসক চিৰদিনলৈ সলনি কৰি দিয়াৰ প্ৰৱল আত্মপ্ৰত্যয়ে জাকিয়াৰ চকুৰ টোপনি হৰিছিল। আফগানিস্তানত এনে মাদকতাময় ক্রীড়া পৰিৱেশৰ কথা আজিৰ পৰা ২০ বছৰৰ আগতে কোনেও কল্পনাই কৰিবই পৰা নাছিল। বিশেষকৈ সেই সময়ত ছোৱালীৰ বাবে ঘৰৰ পৰা ওলোৱাটোৱেই আছিল বৃহৎ প্ৰত্যাহ্বানৰ কাম, ছোৱালীৰ ক্রীড়া চৰ্চাৰ কথা নক’লোৱাইবা। তালিবানী সেই শাসনৰ সময়ত জাকিয়া তেনেই সৰু। তালিবানৰ বৰ্বৰতা অনুভৱ কৰিব পৰা হোৱাই নাছিল। অৱশ্যে পিছলৈ ডাঙৰৰ মুখত শুনিছে বৰ্বৰ তালিবানৰ কথা। কিদৰে ব্যক্তি স্বাধীনতা, নিজৰ পছন্দ-অপচন্দ এচাম ধৰ্মান্ধ শাসকৰ হাতৰ ইচাৰাত ওলমি ৰৈছিল সেই অন্ধকাৰৰ দিনবোৰত। জাকিয়াৰ বাবে সেয়া আছিল ইতিহাসৰ এটা অলাগতিয়াল পৃষ্ঠা। ভয়, উদ্বিগ্নতাৰ সেই ক’লা সময়ৰ পৰা মুক্ত হোৱাৰ সময় এয়া। পুনৰ সপোন দেখাৰ সময়।

যোৱা সপ্তাহৰ কথা। পেৰালিম্পিকলৈ মাজত মাথোঁ কেইটামান দিন। জাকিয়া ইতিমধ্যেই সাজু হৈছে টকিঅ’ অভিমুখী যাত্ৰাৰ বাবে। অৱশ্যে ঘৰৰ পৰিয়ালৰ সৈতে তায়ো চিন্তান্বিত তালিবানৰ শেহতীয়া অভ্যুত্থানত। তথাপি সপোন দেখিবলৈ বাদ দিয়া নাছিল জাকিয়াই। যেনেতেনে টকিঅ’ত ভৰি দিব পাৰিলেই যেন আজৰি। ইতিমধ্যে জাকিয়া হেৰাট প্ৰদেশস্থিত নিজ ঘৰৰ পৰা বিদায় লৈ কাবুলত উপস্থিত হৈছেহি। কাবুলত থকা আত্মীয়ৰ ঘৰৰ পৰাই ইউ এছলৈ উৰা মৰাৰ কথা। তাৰ পিছত ইউ এছৰ পৰা চিধা টকিঅ’লৈ। জাকিয়াৰ হৃদয়ত মৃদু উত্তেজনা। তাই জানে এই যাত্ৰা হ’ব আফগানিস্তানৰ ক্রীড়া ইতিহাস সলাই দিব পৰা এটা যাত্ৰা।

কিন্তু জাকিয়াৰ সপোন সপোন হৈয়েই থাকিল। জাকিয়া টকিঅ’ অভিমুখে ৰাওনা হ’বলৈ নাপাওঁতেই তালিবানে দখল কৰিলে কাবুল। সপোন ভাঙি চূৰমাৰ হ’ল জাকিয়াৰ। ইতিহাসৰ অলাগতিয়াল বুলি ভৱা সেই ক’লা অধ্যায়ৰে পুনৰ মুখামুখি হ’ল জাকিয়া। জাকিয়াই নে? এতিয়া জীৱনত তালিবানী শাসনৰ অনুভৱ নথকা জাকিয়াৰ দৰে হাজাৰ হাজাৰ যুৱতীৰ জীৱন পুনৰ হৈ পৰিব দুৰ্বিষহ। অন্ধ কোঠালিৰ ঘোপ মৰা এন্ধাৰত সপোনবোৰ জলাঞ্জলি দিব লাগিব লাখ লাখ আফগান যুৱক-যুৱতীয়ে।

তালিবানৰ কৱললৈ কাবুল অহাৰ পিছতেই জাকিয়াৰ এটা ভিডিঅ’ বিয়পি পৰিছে সামাজিক মাধ্যমত। য’ত জাকিয়াই বিশ্বৰ নাগৰিক সমাজলৈ কাতৰ আহ্বান কৰিছে যিকোনো প্ৰকাৰে জাকিয়াৰ পেৰালিম্পিকত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ। ” সমগ্ৰ আফগান মহিলাৰ হৈ মোক সহায় কৰিবলৈ মই আপোনাক সকলোকে আহ্বান জনাইছোঁ। মই টকিঅ’ পেৰালিম্পিকত ভাগ ল’বলৈ বিচাৰো। অনুগ্ৰহ কৰি মোক সহায় কৰক। ” সমগ্ৰ বিশ্বৰ নাগৰিকক উদ্দেশ্যি জাকিয়াৰ আহ্বান। অৱশ্যে জাকিয়াই যিমানেই অনুৰোধ, আহ্বান অথবা চিৎকাৰ নকৰক কিয়, বিশ্ব নাগৰিকৰ চকু, কান, মুখ সকলো বন্ধ এতিয়া। খোদ ৰাষ্ট্ৰসংঘৰ দৰে অভিভাৱক সন্থাৰ নিৰ্লিপ্ততায়ো এতিয়া উদঙাইছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ঘৃণনীয় পৃষ্ঠা। জাকিয়াহতঁৰ বাবে এতিয়া সেয়ে সময় দুঃসময়।

তাৰ মাজতে তালিবানে দেশবাসীক বাৰম্বাৰ অভয়বাণী শুনাইছে যে তেওঁলোক এতিয়া আগৰ দৰে হৈ থকা নাই। তেওঁলোকৰ আত্ম সংশোধন ঘটিছে। মহিলাসকলকো স্বাধীনতা প্ৰদান কৰিব তেওঁলোকে। অৱশ্যে শ্বাৰিয়া আইনৰ মাজতেই সীমাবদ্ধ থাকিব এই স্বাধীনতা। অতীতৰ তালিবানী শাসনৰ স্মৃতিয়ে আমনি কৰি থকা একাংশ আফগান কোনোপধ্যেই আশ্বস্ত হোৱা নাই তালিবানৰ অভয়বাণীত। আশ্বস্ত হোৱা নাই ৰাছিদ খান, মহম্মদ নবী, জাকিয়াৰ দৰে খেলুৱৈসকলো। তালিবানী শাসনত দেশখনৰ ক্রীড়াই কোনফালে গতি কৰে সেয়া এতিয়া নীৰৱে বিশ্ববাসীয়ে প্রত্যক্ষ কৰাৰ বাহিৰে যেন আন উপায় নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments