অলিম্পিয়া প্রতিবেদন
তালিবানৰ আগ্ৰাসনত আফগানিস্তান ক্ৰিকেট। তালিবানৰ বৰ্বৰতাত বেলিমাৰ ঘটিব নেকি আফগান ক্ৰিকেটৰ? এতিয়া বিশ্বৰ ক্রীড়া মহলত তাৰেই ব্যাপক চৰ্চা। আফগানিস্তানৰ জেহাদী সংগঠন তালিবানে দেশখনৰ শাসনভাৰ নিজৰ দখললৈ নিয়াৰ পৰত এতিয়া সকলো চিন্তান্বিত হৈ পৰিছে আফগান ক্ৰিকেটৰ ভৱিষ্যতক লৈ। সমুখত আই চি চিৰ টি টুৱেন্টি বিশ্বকাপ। টি টুৱেন্টি বিশ্বকাপৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছিল আফগানিস্তান ক্ৰিকেট দলটোৱে। কিন্তু তেনে সময়তে ইখনৰ পিছত সিখনকৈ চহৰ দখল কৰি তালিবানে আফগানিস্তানৰ শাসন ব্যৱস্থাক নিজৰ হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হৈছে। ৰক্ষণশীল এজাক ধৰ্মীয় উন্মাদৰ শাসনত দেশখনত ক্রীড়াই কোনফালে গতি কৰে তাকেই লৈ এতিয়া সন্দিহান হৈ পৰিছে দেশৰ ক্রীড়াবিদসকল। আগন্তুক টি-টুৱেন্টি বিশ্বকাপত দলটোৱে অংশ ল’ব পাৰিব নে নাই সেয়া এতিয়া অনিশ্চয়তাত। দেশখনৰ ক্ৰিকেট ভৱিষ্যতক লৈ সন্দেহ ব্যক্ত কৰিছে খোদ ৰাছিদ খান, মহম্মদ নবীৰ দৰে তাৰকা ক্ৰিকেটাৰে। শেহতীয়াকৈ সামাজিক মাধ্যমত ক্ৰিকেটাৰ দুগৰাকীৰ দুটা বাৰ্তাই বিশেষ তাৎপৰ্য বহন কৰিছে।
সামাজিক মাধ্যম টুইটাৰত ৰাছিদ খানৰ বিশ্বৰ শীৰ্ষস্থানীয় নেতাসকললৈ কাতৰ আহ্বান। ‘মোৰ দেশ এতিয়া গভীৰ সংকটত। নিতৌ আফগানিস্তানত চলিছে এতিয়া মহিলা শিশুকে ধৰি নিৰীহৰ হত্যাযজ্ঞ। আপোনালোক আমাৰ কাষত থিয় দিয়ক।’ একেদৰে দেশখনৰ আন এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ মহম্মদ নবীয়ে কৈছে- ‘এগৰাকী আফগান হিচাবে দেশৰ এই অৱস্থাত আজি মই ব্যথিত। আফগানিস্তানত এতিয়া মানৱতাৰ সংকট।’ ক্ৰিকেট তাৰকা দুগৰাকীৰ এনে টুইটৰ পিছতেই এতিয়া অনিশ্চিত হৈ পৰিছে দেশখনত ক্ৰিকেট ভৱিষ্যত।
ইপিনে দেশখনত থকা ছখনকৈ ক্ৰিকেট ষ্টেডিয়াম এতিয়া তালিবানৰ দখলত। তালিবানৰ দখলত থকা উক্ত ষ্টেডিয়ামসমূহত এতিয়া নাই কোনো ক্ৰিকেটৰ পৰিৱেশ। দেশখনত ক্ৰিকেটৰ এনে সংকটৰ সময়ত অসহায় আফগানিস্তান ক্ৰিকেট বোৰ্ডো। উল্লেখযোগ্য যে বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত আফগানিস্তানে বিগত সময়চোৱাত উত্থানৰ নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছিল। আই পি এলৰ জৰিয়তে ৰাছিদ খানৰ দৰে ক্ৰিকেট তাৰকা উজলি উঠিছিল। লাহে লাহে দেশখনৰ নতুন প্ৰজন্মও আকৰ্ষিত হৈছিল ক্ৰিকেটৰ প্ৰতি। ক্ৰিকেটৰ অনুকূল তেনে এক সময়তে তালিবানৰ অভ্যুত্থানে এতিয়া পুনৰ অন্ধকাৰলৈ ঠেলি দিলে আফগান ক্ৰিকেটক। তালিবানৰ অধীনত দেশখনৰ ক্ৰিকেটে কোনফালে গতি কৰিব সেয়া সময়েহে ক’ব।