Wednesday, September 28, 2022
HomeNewsদেশক বিশ্বকাপ উপহাৰ দিবলৈ নোৱাৰিলে বিয়াই নাপাতে এইগৰাকী ক্ৰিকেটাৰে

দেশক বিশ্বকাপ উপহাৰ দিবলৈ নোৱাৰিলে বিয়াই নাপাতে এইগৰাকী ক্ৰিকেটাৰে

অলিম্পিয়া প্রতিবেদন

বিশ্ব ক্ৰিকেটৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ স্পীনাৰ ৰাছিদ খান। আফগানিস্তানৰ এইগৰাকী ক্ৰিকেটাৰ সম্প্ৰতি চৰ্চাত। এটা বিশেষ মন্তব্য কৰি চর্চা লাভ কৰিছে আফগানিস্তানৰ অন্যতম শ্ৰেষ্ঠ বলাৰগৰাকীয়ে। তেওঁ মন্তব্য কৰিছে যে আফগানিস্তান দলে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হ’লেহে তেওঁ বিয়াত বহিব। অৰ্থাৎ আফগানিস্তানে বিশ্বকাপ জয় কৰিব নোৱাৰলৈকে তেওঁ বিয়াত নবহাৰ প্ৰতিজ্ঞা কৰিছে।

আজাদী ৰেডিঅ’ৰ সৈতে হোৱা এক কঠোপকথনত ক্ৰিকেটাৰগৰাকীক বিভিন্ন চিত্ৰাকৰ্ষক প্ৰশ্ন কৰা হৈছিল। সাক্ষাৎগ্ৰহণকাৰীজনে এনে প্ৰশ্নৰ মাজতেই জানিবলৈ বিচাৰিছিল ৰাছিদৰ বিয়াৰ বিষয়ে। সেই প্ৰসংগতে উক্ত মন্তব্য কৰে স্পীনাৰগৰাকীয়ে।

উল্লেখযোগ্য যে, ৰাছিদ খানক শেহতীয়াকৈ আই পি এলৰ মঞ্চত দেখা গৈছিল। আই পি এল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ বহুকেইটা স্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল ৰাছিদ খানে। ৰাছিদ খানে আফগানিস্তানৰ হৈ এই পৰ্যন্ত ৪ খন টেষ্ট, ৭১ খন এদিনীয়া তথা ৪৮ খন টি টুৱেন্টিত অংশ লৈছে। কেৱল ১৭ বছৰ ৩৬ দিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ ঘটা ৰাছিদ খানে পৰৱৰ্তী সময়ত নিজৰ চকুত লগা প্ৰদৰ্শনৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশেষ সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments