Friday, September 30, 2022
HomeNewsলয়লাস ভংগীমাৰে দৰ্শকৰ হৃদয় জিনা ছাকিৰা;কলম্বিয়াত ক্ৰীড়াৰ বাবে লৈছে বিশেষ পদক্ষেপ

লয়লাস ভংগীমাৰে দৰ্শকৰ হৃদয় জিনা ছাকিৰা;কলম্বিয়াত ক্ৰীড়াৰ বাবে লৈছে বিশেষ পদক্ষেপ

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️পূৰ্ণানন্দ নেওগ

বহু বিশ্বকাপ আহিছে আৰু গৈছে। ফুটবলপ্ৰেমীৰ মাজত স্মৃতিৰ বহুৰঙী অনুভৱ এৰি থৈ বহু বিশ্বকাপ ব্যক্তিৰ মানসপটৰ পৰা হেৰাই গৈছে যদিও বিশ্বকাপৰ বাবে প্ৰস্তুত কৰা এটা শীৰ্ষ গীত আজিও চৰ্চাত আছে। ফুটবল বিশ্বকাপ বুলিলেই বহুতৰ মনলৈ সেই গীতটোৱেই আহে। আপোনালোকে হয়তো এতিয়ালৈ অনুমানেই কৰি লৈছে কোনটো গীতৰ কথা ইয়াত উল্লেখ কৰা হৈছে। হয়, আমি ‘ৱাকা ৱাকা- দিছ টাইম ফৰ আফ্ৰিকা’ গীতটোৰ কথাকেই কৈছোঁ। ২০১০ চনৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ফিফা বিশ্বকাপৰ শীৰ্ষ গীত আছিল সেই গীতটো। সেই সময়ত জ’হানেছবাৰ্গৰ পৰা আমাৰ জকাইচুকীয়া গাঁৱলৈকে প্ৰসাৰিত হৈ পৰিছিল গীতটোৰ জনপ্ৰিয়তা।

গীতটোৰ কথা ক’লেই মনলৈ আহে গীতটোৰ গায়িকা বিখ্যাত পপ ষ্টাৰ চাকিৰাৰ কণ্ঠ তথা লয়লাস ভংগীমালৈ। অপূৰ্ব সুৰৰ মূৰ্ছনা, অদ্বিতীয় গায়ন শৈলী যদি আছিল গীতটোৰ এটা উল্লেখযোগ্য দিশ , আফ্ৰিকাৰ জনগোষ্ঠীয় লোকক লৈ চাকিৰাই প্ৰদৰ্শন কৰা নৃত্যশৈলীয়ে গীতটোক দিছিল এক নতুন মাত্ৰা। সেই সময়ত বহুকেইটা ৰেকৰ্ড ভংগ কৰিছিল ৱাকা ৱাকা’ই। একেলগে পোন্ধৰখন দেশত জনপ্ৰিয় গীতৰ তালিকাত শীৰ্ষ স্থান দখল কৰা গীতটোৱে বহুলভাৱে বিক্ৰী হোৱা গীতৰ ক্ষেত্ৰতো বহু ৰেকৰ্ড ভাঙিছিল। চাকিৰাৰ লয়লাস ভংগীমাত মোহাচ্ছন্ন দৰ্শকে ভিডিঅ’ দৃশ্যাংশ উপভোগ কৰাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছিল। সৰ্বকালৰ বহুলভাৱে উপভোগ কৰা গীতৰ তালিকাত ২৮ নং স্থান অধিকাৰ কৰিছিল ৱাকা ৱাকা’ই।

Wherever Whenever ৰ অপাৰ সফলতাৰ পাছত Hips Don’t lie য়ে চাকিৰাক বিশ্বজুৰি এক পৰিচয় দিছিল। জনপ্ৰিয় হৈ পৰিছিল চাকিৰা। ৱাকা ৱাকা’ই সেই জনপ্ৰিয়তাক বিশ্বজনীনতা প্রদান কৰিছিল। ৱাকা ৱাকাৰ জৰিয়তেই ক্ৰীড়াক্ষেত্ৰখনৰ সৈতে আওপকীয়াকৈ জড়িত হৈ পৰা চাকিৰাৰ সেই সংযোগ সময় যোৱাৰ লগে লগে দৃঢ়ৰ পৰা দৃঢ়তৰ হৈছিল। কিয়নো ৱাকা ৱাকা’ৰ চিত্ৰগ্ৰহণৰ সময়ত চাকিৰা চিনাকি হৈছিল ফুটবলাৰ জেৰাৰ্ড পিকৰ সৈতে। জেৰাৰ্ডৰ সৈতে সেই চিনাকীয়ে পিছলৈ প্ৰেমৰ ৰূপ পাইছিল। আৰু ২০১১ ৰ পৰাই চাকিৰা জেৰাৰ্ডৰ সংগী হৈ পৰিছিল। এগৰাকী খেলুৱৈৰ সৈতে সম্পৰ্ক থকাৰ সুবাদতেই পাছলৈ চাকিৰা বিভিন্ন খেলৰ সৈতেও জড়িত হৈ পৰছিল। ৱেকব’ৰ্ডিঙৰ পৰা আৰম্ভ কৰি টেনিছ ক’ৰ্টলৈ সকলোতে ঝলক দেখুৱাবলৈ সক্ষম হৈছিল চাকিৰা।

ইয়াৰ মাজতে ২০১৪ চনত পুনৰ ফিফা বিশ্বকাপৰ বাবে গীত গোৱাৰ প্ৰস্তাৱ লাভ কৰিছিল সংগীত শিল্পীগৰাকীয়ে। ‘ৱাকা ৱাকা’ৰ পাছত চাকিৰাই কণ্ঠ নিগৰাইছিল লা লা লা( ব্ৰাজিল২০১৪) শীৰ্ষক গীততো। সেই গীতত চাকিৰাৰ প্ৰেমিক বাৰ্চিলোনা তাৰকা জেৰাৰ্ডৰ লগতে নেইমাৰ, জেমছ ৰড্ৰীগেজ, লিয়নেল মেচিকে আদি কৰি বহুকেইজন তাৰকা ফুটবলাৰে অভিনয় কৰিছিল।


চাকিৰাই প্ৰায়েই ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰি আহিছে তেওঁৰ ক্ৰীড়া প্ৰীতিৰ কথা। টেনিছত ৰাপ থকা চাকিৰাই সময় পালেই ক’ৰ্টত নামি পৰে ৰেকেটখন লৈ। সুযোগ মিলিলেই ৱেকব’ৰ্ডিঙৰ দৰে জলক্ৰীড়াতো ভাগ লয় চাকিৰাই। কেতিয়াবা যদি গল্ফৰ ষ্টিক ডাল হাতত লৈছে আকৌ কেতিয়াবা বাস্কেটবল ক’ৰ্টতো নিজৰ উপস্থিতিৰ উমান দিছে। তাৰোপৰি সংগীতশিল্পীগৰাকীৰ নিজৰে এটা স্বেচ্ছাসেৱী অনুস্থানৰ সহায়ত তেওঁ কলম্বিয়াৰ বিভিন্ন শিক্ষানুষ্ঠানত শাৰীৰিক শিক্ষাৰ প্ৰচাৰ তথা প্ৰসাৰতো আগভাগ লৈ আহিছে। পিতৃৰ পদাংক অনুসৰণ কৰা চাকিৰাৰ পুত্ৰ ছাছাৰ খেলৰ প্ৰতি থকা ধাউতিকো উৎসাহিত কৰি আহিছে চাকিৰাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments