Tuesday, July 5, 2022
HomeNewsআইটা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অর্জন জিজ্ঞাসমান আৰু কৃষ্টিৰ

আইটা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অর্জন জিজ্ঞাসমান আৰু কৃষ্টিৰ

অলিম্পিয়া প্ৰতিবেদন

অসম টেনিছ সন্থাৰ দ্বাৰা আয়োজিত অনুর্ধ ১৬ বৰ্ষৰ আইটা চেম্পিয়নশ্বিপত ল’ৰাৰ শাখাত জিজ্ঞাসমান হাজৰিকা আৰু ছোৱালীৰ শাখাত কৃষ্টি বড়োই শ্ৰেষ্ঠত্ব অর্জন কৰিছে।

চচলৰ সদৌ অসম টেনিছ সন্থাৰ টেনিছ প্ৰকল্পত দেওবাৰে অনুষ্ঠিত ফাইনেলত জিজ্ঞাসমান হাজৰিকাই মনন নাথক ৩-৬,৬-১,৬-৪ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে ছোৱালীৰ শাখাত প্ৰতিপক্ষ টানিষ্কা পাটৰক ৬-৩,৬-০ ব্যৱধানত পৰাস্ত কৰে কৃষ্টি বড়োয়ে।

উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ পিছত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাৰে অসম টেনিছ সন্থাই ৰাজ্যখনত টেনিছৰ স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ পদক্ষেপ হাতত লয়। অসম টেনিছ সন্থাৰ সম্পাদক অঙ্কুশ দত্ত উপস্থিত থকা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ীসকলক বঁটা প্ৰদান কৰে সন্থাৰ যুটীয়া সম্পাদক দিগন্তজ্যোতি গগৈয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments