Wednesday, October 5, 2022
HomeNewsআজিংক্যৰ শতক : বিচিচিআইক দিলে যোগ্য প্ৰত্যুত্তৰ!

আজিংক্যৰ শতক : বিচিচিআইক দিলে যোগ্য প্ৰত্যুত্তৰ!

অলিম্পিয়া প্ৰতিবেদন

পুনৰ দুৰ্দান্ত ফৰ্মত আজিংক্য ৰাহানে । প্ৰায় ৪১৭ দিনৰ পাছত ৰাহানেৰ বিধ্বংসী ৰূপ । আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৰাহানেৰ বাবে হৈ পৰিল লাকী । ৰঞ্জি ট্ৰফীৰ প্ৰথম দিনাৰ মেচতে কোবালে শতক ।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দেশৰ সৰ্ববৃহৎ ঘৰুৱা শৃংখলা ৰঞ্জি ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট । আহমেদাবাদ ক্ৰিকেটৰ ৰণভূমিত নামিল মুম্বাই বনাম সৌৰাষ্ট্ৰ । মুম্বাইৰ হৈ প্ৰথম দিনাই আজিংক্য ৰাহানে ২৫০ টা বলৰ মুখামুখি হৈ ১০৮ ৰাণেৰে কৰিলে শতক । ১৪ টা চাৰি আৰু ২ টা ছয়ৰ যোগেদি ৰাহানে আগবঢ়ালে সুন্দৰ প্ৰদৰ্শন । সেইদৰে, ৰাহানেৰ সৈতে সুন্দৰ যুটি বান্ধিলে চৰফাৰছ খানে । বৃহস্পতিবাৰে ৰাহানেৰ সৈতে অপৰাজিত হৈ ৰোৱা চাৰফাৰছে ১২১ ৰাণৰ বৰঙণিৰে দুৰ্দান্ত ইনিংছ খেলিলে ।
প্ৰথমদিনাৰ মেচত ৮৭ অভাৰত ৩ টা উইকেটৰ বিনিময়ত মুঠ ২৬৩ ৰাণ সংগ্ৰহ কৰে মুম্বাই দলে ।
ৰঞ্জি ট্ৰফীত শতৰাণৰ পাছতেই চৰ্চালৈ আহিল আজিংক্য । পূৰ্বতে টীম ইণ্ডিয়াৰ হৈ দুৰ্বল প্ৰদৰ্শনৰ বাবে মানসিক চাপত থকা আজিংক্যৰ উত্থানত আশাৰ ৰেঙণি দেখিছে অনুৰাগীয়ে ।
উল্লেখযোগ্য যে, ২০২০ চনতে মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰাহানে কৰিছিল শেহৰটো শতক । তেতিয়াৰ পৰা ১৫ খন টেষ্টৰ ভিতৰত তেওঁৰ ৰাণৰ গড় আছিল ২০.২৫ মাত্ৰ আৰু ইয়াৰ ভিতৰত মাত্ৰ তিনিটা আছিল অৰ্ধশতক । সৰ্বাধিক ৰাণ কৰিছিল ৬৭ ।
শেহতীয়াকৈ, আজিংক্য ৰাহানৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত প্ৰদৰ্শন আছিল নিৰাশাজনক । এনে পৰিস্থিতিত, তেওঁক বি চি চি আয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ২ খন খেলৰ টেষ্ট শৃংখলাৰ পূৰ্বে পুনৰ ফৰ্ম ঘূৰাই আনিবলৈ সকীয়নি দিছিল । বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে তেওঁক ফৰ্ম ঘূৰাই পাবলৈ ৰঞ্জি ট্ৰফীত প্ৰবেশৰ উপদেশ দিছিল ।
ৰাহানে যেন আহমেদাবাদৰ পৰাই বিচিচিআইক দিলে যোগ্য প্ৰত্যুত্তৰ । নিজৰ বেটিং শৈলীৰে পুনৰ প্ৰমাণ কৰিলে যে আজিংক্য অপ্ৰতিৰোধ্য ।
ক্ৰীড়া অনুৰাগীৰ আশা — তেওঁৰ এই দুৰন্ত বেটিং অব্যাহত থাকক । চলিত ৰঞ্জি তথা অনাগত টেষ্ট মেচসমূহৰ সৈতে ক্ৰিকেট বিশ্বত আধিপত্য বিস্তাৰ কৰক ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments