Monday, October 3, 2022
HomeNewsআকাশৰ চন্দ্ৰত খেলিলে গ'ল্ফ : খেয়ালি মানুহৰ খেয়ালি চিন্তা

আকাশৰ চন্দ্ৰত খেলিলে গ’ল্ফ : খেয়ালি মানুহৰ খেয়ালি চিন্তা

olympiasports.in

খেয়ালি মনৰ মানুহৰ কথাই বেলেগ। সাধাৰণ মানুহৰ যিবোৰ কথা, কাম, চিন্তাৰ বাহিৰত সেইবোৰ কথা, কামেই কৰে খেয়ালি মনৰ মানুহবোৰে।

গ’ল্ফ খেলৰ বিষয়ে আপুনি হয়তো নিশ্চয় শুনিছে। গ’ল্ফ খেলৰ বাবে থাকে এখন নিৰ্দিষ্ট গ’ল্ফ গ্ৰাউণ্ড। কিন্তু এই গ’ল্ফ গ্ৰাউণ্ডত গ’ল্ফ নেখেলি চিধাই চন্দ্ৰলৈ গৈ চন্দ্ৰত গ’ল্ফ খেলাৰ কথা আপুনি বাৰু কেতিয়াবা ভাবিছেনে? অৱশ্যে সপোনত আমি চন্দ্ৰতে হ‌ওক বা মঙ্গল গ্ৰহতে হ‌ওক খেলিব‌ও পাৰোঁ, খেতিও কৰিব পাৰোঁ। বাস্তৱিকতে আজিৰ সময়ত সেয়া আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু আপুনি জানেনে এই অসম্ভৱকেই সম্ভৱ কৰি তুলিছে এইখন মৰতৰে এজন ব্যক্তিয়ে! সপোনৰ পৰিৱৰ্তে বাস্তৱিকতে চন্দ্ৰত গৈ গ’ল্ফ খেলিছে এগৰাকী গ’ল্ফ খেলুৱৈয়ে। এই কথা আপুনি বাৰু জানানে? বহুতৰ বাবে এই কথা বিশ্বাসযোগ্য নহলেও এয়াই সত্য।

১৯৭১ চনতেই গ’ল্ফ খেল বিধ চন্দ্ৰত খেলা একমাত্ৰ খেল হিচাপে পৰিগণিত হৈছে। ইয়াক সম্ভৱ কৰি তুলিছিল Alan Shepard য়ে। আমেৰিকাৰ এইগৰাকী গ’ল্ফ খেলুৱৈয়ে ১৯৭১ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে চন্দ্ৰত গ’ল্ফ খেলি এক অকল্পনীয় ইতিহাস ৰচিবলৈ সক্ষম হৈছিল।

আচলতে Alan Shepard আমেৰিকাৰ এগৰাকী গ’ল্ফ খেলুৱৈ হোৱাৰ উপৰিও তেওঁ এগৰাকী মহাকাশচাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ ‘নাছা’ এপ’ল’-১৪ অভিযানৰ এক অন্যতম বৈজ্ঞানিক আছিল Alan Shephard। চন্দ্ৰ অভিযানৰ সময়চোৱাত Alan য়ে ৬- আইৰন বাল্বৰ ওপৰ অংশ ( গ’ল্ফ ষ্টিক ডালৰ ওপৰ অংশ, যাৰ জৰিয়তে শ্বট মাৰা হয়) ম’ডিফাই কৰি চন্দ্ৰ পৃষ্ঠৰ ভূমি সংগ্ৰহ কৰা এক ডিভাইছৰ লগত সংযোগ কৰি লৈ গ’ল্ফ ষ্টিক হিচাপে ব্যৱহাৰ কৰিছিল। এই ষ্টিক ডালৰ জৰিয়তেই Alan Shepard য়ে চন্দ্ৰত গ’ল্ফ খেলিছিল। তেওঁ চন্দ্ৰ পৃষ্ঠত মৰা প্ৰথমটো শ্বটত গ’ল্ফৰ বলটো কাষতে পৰিছিল। কিন্তু দ্বিতীয় শ্বটটোত বলটো ১৮২ মিটাৰ ওপৰলৈ গৈ পৰিছিল বুলি Alan Shepard য়ে উল্লেখ কৰিছিল।

এপ’ল’-১৪ অভিযানৰ অন্যান্য সদস্য সকল আছিল ষ্টুৱাৰ্ট এ ৰ’ছা আৰু এডগাৰ ডি মিচ্ছেল।

আচৰিত নহয়নে! আমি আজিও চন্দ্ৰকলৈ গীত গাই আছোঁ, সাধু কথা কৈ আছোঁ অথচ আমাৰ মাজৰেই এজনে চন্দ্ৰত গ’ল্ফ খেলি ইতিহাস ৰচি আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments