Wednesday, October 5, 2022
HomeNewsৰিয়েল মাদ্রিদৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক হ'ব নৰ্থ ইষ্ট ইউনাইটেডৰ নতুন প্ৰশিক্ষক!

ৰিয়েল মাদ্রিদৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ নতুন প্ৰশিক্ষক!

অলিম্পিয়া বাৰ্তা

আই এছ এলত বৰ্তমানলৈ বিশেষ উল্লেখযোগ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱা নৰ্থ ইষ্ট ইউনাইটেডে এইবাৰ নিযুক্তি দিবলৈ ওলাইছে ৰিয়েল মাদ্রিদৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক এলজেণ্ডাৰো মেনেন্দেজ গাৰ্চিয়াক।

৫৩ বছৰীয়া স্পেনিছ প্ৰশিক্ষকগৰাকীয়ে ইয়াৰ আগতে ভাৰতৰ আই লীগৰ দল ইষ্ট বেঙ্গলৰ সৈতে চুক্তিবদ্ধ হৈ আছিল। তেওঁৰ তত্বাৱধানতে ২০১৮-১৯ বৰ্ষত আই লীগত ইষ্ট বেংগলে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

গাৰ্চিয়াই তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আৰম্ভণি কৰিছিল স্পৰ্টিং গীজন য়ুথ টীমৰ লগত। তেওঁক ৰিয়েল মাদ্রিদৰ B টীম castilla মুখ্য প্ৰশিক্ষকৰ দায়িত্বৰ বাবে জনা যায়। এছিয়ান ফুটবল ক্ষেত্ৰখনৰ সৈতে তেওঁৰ বিশেষ চিনাকি আছে। ২০১৩-১৪ ছিজনত তেওঁ বুৰীৰম ইউনাইটেডৰ সৈতে জড়িত হৈ আছিল যিটো ক্লাৱে তেওঁৰ তত্বাৱধানত পাঁচটাকৈ ট্ৰফী অৰ্জন কৰে। উল্লেখযোগ্য যে বাতৰি অনুসৰি মেনন্দেজে নৰ্থ ইষ্ট ইউনাইটেড দলটোত তেওঁৰ পূৰ্বৰ সহযোগী প্ৰশিক্ষকৰ দলটোৰ সৈতে যোগদান কৰিবলৈ ইচ্ছুক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments