কাইলৈৰ পৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগ!! কি এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ জানো আহক

অলিম্পিয়া প্ৰতিবেদন

অসম ভলীবলত সৃষ্টি হৈছে নৱ জাগৰণৰ। অসমৰ ভলীবলৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰি অসমত ভলীবলক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে কেইগৰাকীমান প্ৰাক্তন খেলুৱৈ মাৰবান্ধি ওলায় আহিছে। এই বিশেষ অভিযানৰ নেতৃত্বত আছে ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক অসম গৌৰৱ অভিজিৎ ভট্টাচাৰ্য্য। তেওঁক সহযোগ কৰিছে বহুকেইগৰাকী প্ৰাক্তন ভলীবল খেলুৱৈ তথা ক্ৰীড়ানুৰাগী ব্যক্তিয়ে। তেওঁলোকৰ আন্তৰিক প্ৰচেষ্টাতে অসমত গঠন হৈছিল অসম ভলীবল মিছন ১০০ ৰ। যাৰ মুখ্য উদেশ্য হৈছে ভলীবলৰ পুনৰুজ্জীৱিতকৰণ। অসমৰ গাঁও অঞ্চলসমূহত সিঁচৰতি হৈ থকা ভলীবল খেলুৱৈসকলক অন্ততঃ একোটা বল, নেট আদিৰ যোগান ধৰাৰ উদ্দেশ্যে প্ৰথমে এই অভিযান হাতত লোৱা হৈছিল। পিছলৈ এই অভিযানে প্ৰসাৰতা লাভ কৰে ,যেতিয়া জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ইয়াৰ প্ৰচাৰ চলিবলৈ লয়। ফেচবুকত Assam Volleyball Mission 100 বুলি এটা পেজৰ জৰিয়তে অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে ব্যৱস্থা লোৱা হয়। এই ফেচবুক পেইজৰ জৰিয়তে প্ৰতি সপ্তাহতে ভলীবল সম্পৰ্কীয় বিভিন্ন অনলাইন প্ৰতিযোগিতাৰো আয়োজন হৈ আহিছে। প্ৰথম অৱস্থাত সীমিত সংখ্যক মানুহক লৈ আৰম্ভ কৰা এই অভিযানে সময় যোৱাৰ লগে লগে ব্যাপক ৰূপ লাভ কৰে। সেই অসম ভলীবল মিছন ১০০ ৰ উদ্যোগতে অসমত পোন প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ লীগৰ আয়োজন কৰা হৈছে। নাম থোৱা হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ। ডিচেম্বৰৰ ১২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই লীগখনৰ বিষয়ে জানো আহক।

১২ ডিচেম্বৰত আৰম্ভ হ’বলগীয়া লীগৰ খেলসমূহ চলিব প্ৰায় তিনিমাহলৈ। বৰেণ্য ভাৰতীয় পৰম্পৰা ‘অতিথি দেৱ’ ভৱ’ মূল বিষয় হিচাবে লৈ এই লীগ আয়োজন কৰা হৈছে। য’ত ঘৰুৱা দলে প্ৰতিপক্ষৰ আলহী দলক আদৰ-সাদৰেৰে আদৰণি জনাব আৰু খেলত অংশগ্ৰহণ কৰিব। মুঠ ১৪৪ খন মেচ খেলোৱা হ’ব অসমৰ ১৬ খনকৈ জিলাত। ল’ৰাৰ শাখাত থাকিব ৩৩ টা দল। বিপৰীতে ছোৱালী শাখাত দলৰ সংখ্যা হ’ব ১৭ টা। লীগৰ মুঠ প্ৰাইজমানী নিৰ্ধাৰণ কৰা হৈছে ২ লাখকৈ টকা। এক আকৰ্ষণীয় ৰূপত সজোৱা হৈছে লীগৰ খেলসমূহ। তলত লীগৰ ফৰ্মেটটোৰ এক থুল-মূল আভাস দিবলৈ যত্ন কৰা গৈছে।

ল’ৰাৰ শাখা

ব্ৰহ্মপুত্ৰ ভলীবল লীগ ২০২০-২১ ৰ বাবে ল’ৰাৰ শাখাত ৩৩ টা দলে পঞ্জীয়ন কৰিছে। এই দলকেইটাক ৩ টা জ’নত ভাগ কৰা হ’ব। প্ৰতিটো জ’নতে ৩ টাকৈ গ্ৰুপ থাকিব আৰু প্ৰতিটো গ্রুপত থাকিব ৪ টাকৈ দল। অৱশ্যে, জ’ন ৩ ত প্ৰতিটো গ্রুপত থাকিব ৩ টাকৈ দল।

লীগ ৰাউণ্ড-১: লীগ ৰাউণ্ড-১ ত নিজৰ নিজৰ গ্রুপৰ দলসমূহৰ মাজত মেচসমূহ অনুষ্ঠিত হ’ব। এই ৰাউণ্ডত প্রতিটো দলে দুখনকৈ মেচ খেলিব। তাৰে এখন তেওঁলোকে ঘৰুৱা খেলপথাৰত খেলাৰ বিপৰীতে আনখন মেচ খেলিব প্ৰতিপক্ষৰ খেলপথাৰত। ঘৰুৱা খেলপথাৰত জয়ী হ’লে দলটোৱে ২ পইণ্ট লাভ কৰাৰ বিপৰীতে প্ৰতিপক্ষৰ খেলপথাৰত জয়ী হ’লে লাভ কৰিব ৩ পইণ্টকৈ। যদি দুয়োটা দলে সমান সংখ্যক পইণ্ট লাভ কৰে তেন্তে পইণ্টৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি চূড়ান্ত দল নিৰ্ণয় কৰা হ’ব। প্ৰতিটো গ্রুপৰ শীৰ্ষ দলসমূহ দ্বিতীয় ৰাউণ্ডৰ বাবে নিৰ্বাচিত হ’ব।

লীগ ৰাউণ্ড-২: লীগ ৰাউণ্ডত-২ ত প্ৰতিটো জ’নত তিনিটাকৈ দল থাকিব। এই ৰাউণ্ডত প্ৰতিটো দলে কেৱল এখনকৈ মেচতহে অংশ ল’ব। প্ৰতিখন মেচত জয় লাভ কৰাৰ বাবদ দলসমূহে ২ পইণ্টকৈ লাভ কৰিব। প্ৰতিটো জ’নৰ শীৰ্ষ তিনিটা দলে পোনপটীয়াকৈ ছুপাৰ লীগত প্ৰৱেশ কৰিব। প্লে অফৰ জৰিয়তে আন এটা দলেও ছুপাৰ লীগত খেলাৰ সুযোগ লাভ কৰিব।

ছুপাৰ লীগ: ছুপাৰ লীগৰ খেলসমূহ এখন ঠাইতে খেলোৱা হ’ব। ছুপাৰ লীগত উপনীত হোৱা চাৰিটা দলৰ মাজত খেলসমূহ অনুষ্ঠিত হ’ব। খেলৰ অন্তত শীৰ্ষ দুটা দলে সোণৰ পদকৰ বাবে যুঁজত নামিব।

ছোৱালীৰ শাখা: ব্ৰহ্মপুত্ৰ ভলীবল লীগ ২০২০-২১ৰ বাবে ছোৱালীৰ শাখাত ১৭ টা দলে অংশগ্ৰহণ কৰিব। দলসমূহক চাৰিটা জ’নত ভাগ কৰা হৈছে। প্ৰতিটো জ’নতে দুটাকৈ গ্ৰুপ থাকিব আৰু প্ৰতিটো গ্রুপত থাকিব দুটাকৈ দল।( গ্ৰুপ F ত ৩ টা দল থাকিব।) প্ৰতিটো দলে এখনকৈ মেচ ঘৰুৱা খেলপথাৰ আৰু প্ৰতিপক্ষৰ খেলপথাৰত খেলিব। ঘৰুৱা খেলপথাৰত বিজয় সাব্যস্ত কৰা দলটোৱে ২ পইণ্ট লাভ কৰাৰ বিপৰীতে প্ৰতিপক্ষৰ খেলপথাৰত জয়ী হোৱা দলে লাভ কৰিব ৩ পইণ্টকৈ। প্ৰতিটো গ্রুপৰ শীৰ্ষ দলে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব।

লীগ ৰাউণ্ড-২ লীগ ৰাউণ্ড-২ ত প্ৰতিটো জ’নত থাকিব ২ টাকৈ দল। প্ৰতিটো জ’নৰ দল দুটাই দুখনকৈ মেচত পৰস্পৰৰ মুখামুখি হ’ব। এখন ঘৰুৱা খেলপথাৰত খেলাৰ বিপৰীতে আনখন হ’ব প্ৰতিপক্ষৰ খেলপথাৰত। প্ৰতিটো জ’নৰ পৰা একোটাকৈ মুঠ চাৰিটা দলে ছুপাৰ লীগত স্থান পাব।

ছুপাৰ লীগ: ছুপাৰ লীগৰ খেলসমূহ এখন ঠাইতে খেলোৱা হ’ব। ছুপাৰ লীগত উপনীত হোৱা চাৰিটা দলৰ মাজত খেলসমূহ অনুষ্ঠিত হ’ব। খেলৰ অন্তত শীৰ্ষ দুটা দলে সোণৰ পদকৰ বাবে যুঁজত নামিব।


স্প’নছৰৰ বাবে আগবাঢ়ি আহিছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ

ব্ৰহ্মপুত্ৰ ভলীবল লীগ অভিজিৎ ভট্টাচাৰ্যকে ধৰি ৰাজ্যখনৰ প্ৰাক্তন ভলীবল খেলুৱৈসকলৰ এক আন্তৰিক প্ৰচেষ্টাৰ ফচল। মনত বান্ধি লোৱা পৰম হেঁপাহ আৰু ভলীবলৰ প্ৰতি থকা ভালপোৱাৰ বাবেই তেওঁলোকে এইদৰে আগবাঢ়ি আহিছে খেলবিধৰ উত্তৰণত নিজকে আত্মনিয়োগ কৰাৰ বাবে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে তেওঁলোকক অৰ্থৰ প্ৰয়োজন নিশ্চয় আছে। সেয়ে তেওঁলোকে আহ্বান জনাইছে কোনো সদাশয় ব্যক্তি, প্ৰাক্তন খেলুৱৈ যদি আগবাঢ়ি আহি আৰ্থিকভাৱে কিছু সহায় আগবঢ়ায় তেন্তে তেওঁলোকৰ এই অভিযান সফলকাম হ’ব। লীগৰ একোটা দলক স্পনছৰ কৰাৰ তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেয়ে আগবাঢ়ি আহিছে বহুকেইগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। সেই অনুসৰি উজনি মাজুলী ভলীবল দলৰ বিত্তীয় দিশ চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ কৃষ্ণা হাজৰিকা ৰাও আৰু আশাৱান পামাৰে। ভাৰতীয় বেডমিণ্টনৰ আন এগৰাকী তাৰকা অপৰ্ণা পোপাটেও এই লীগত যোগদান কৰা দলক চোৱাচিতা কৰাৰ বাবে সন্মতি প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে। আন এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মদালসা হাজৰিকায়ো হাত উজান দিছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এই যাত্ৰাত।

Leave a Reply

Your email address will not be published. Required fields are marked *