Tuesday, October 4, 2022
HomeNewsগুৱাহাটী টাউন ক্লাব: উত্থান-পতনৰ এক বৰ্ণিল ইতিহাস

গুৱাহাটী টাউন ক্লাব: উত্থান-পতনৰ এক বৰ্ণিল ইতিহাস

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

(লেখাটো Guwahati Town Club ৰ ৱেবছাইট আৰু GTC Centenary Souvenirত প্ৰকাশিত এটা লেখাৰ সহায়ত প্ৰস্তুত কৰা হৈছে।)

গুৱাহাটী টাউন ক্লাব ভাৰতৰ ভিতৰতে এটা অন্যতম পুৰণি ক্লাব। দেশৰ ভিতৰত দ্বিতীয় প্ৰাচীন টাউন ক্লাব হিচাবে অভিহিত কৰা হয় গুৱাহাটী টাউন ক্লাবক। ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক উজ্জীৱিত কৰি তোলাৰ মহৎ উদেশ্য আগত লৈ ১৯০৬ চনত স্থাপন হৈছিল গুৱাহাটী টাউন ক্লাব। ক্লাবটোৰ জন্মৰ আঁৰত আছে বহুকেইগৰাকী সমাজ হিতৈষী ব্যক্তিৰ অৱদান। ক্ৰীড়াক সেই সকল লোকে অন্তৰৰ পৰা ভাল পাইছিল। পেছাত এগৰাকী ডক্তৰ কেপ্তেইন এল বি স্কট, ডাঃ হৰেকৃষ্ণ দাস, অধিবক্তা শ্বায়ীদ চাদুল্লা, খান চাহেব খলিলুৰ ৰহমান আদিৰ পৃষ্ঠপোষকতাত জন্ম হৈছিল গুৱাহাটীৰ মাজ মজিয়াত ক্ৰীড়াক্ষেত্ৰৰ এই অগ্ৰণী অনুষ্ঠানটোৰ। হৰেকৃষ্ণ দাস আছিল ক্লাবটোৰ প্ৰথমগৰাকী সম্পাদক। গুৱাহাটীৰ জজ ফিল্ডৰ বুকুতে ক্লাবটোয়ে প্ৰাণ পাই উঠিছিল। ইয়াতেই অনুষ্ঠিত হৈছিল ইখনৰ পিছত সিখনকৈ ক্ৰীড়া প্ৰতিযোগিতা। অসমৰ ঐতিহাসিক বৰদলৈ ট্ৰফীৰ আয়োজনতো এই ক্লাবৰ যথেষ্ট অৱদান আছিল।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন , লোকপ্রিয় গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহাৰ পৰা আৰম্ভ কৰি ৰাধাগোবিন্দ বৰুৱা, পি কে লাহিড়ি, কনকচন্দ্ৰ বৰুৱা, ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এক দীঘলীয়া ব্যক্তিৰ তালিকা, যি সকলৰ পৃষ্ঠপোষকতাত প্ৰাণ পাই উঠিছে গুৱাহাটী টাউন ক্লাব। সেই গুৱাহাটী টাউন ক্লাবে আজি ভৰি দিয়ে ১১৪ তম বছৰত।

এক বৰ্ণিল ইতিহাসৰ সাক্ষী হৈ ৰোৱা এই ক্লাবটো বহু উত্থান পতনৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছেহি। টাউন ক্লাবটোৰ বাবে জজ খেলপথাৰ সদায় আত্মাৰ নিচিনা। জজ খেলপথাৰৰ বুকুতে টাউন ক্লাবৰ অধীনত ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আহিছে। কিন্তু সেই জজ খেলপথাৰলৈয়ে ভাবুকি আহিছিল এসময়ত। ভাবুকি আহিছিল গুৱাহাটী টাউন ক্লাবলৈও।

জজ খেলপথাৰখন কেৱল খেলৰ বাবেই ব্যৱহৃত হ’ব লাগে-এই কথা প্ৰতিজন ক্ৰীড়া প্ৰেমীয়েই অন্তঃকৰণেৰে কামনা কৰিছিল। কিন্তু ১৯৮৩ চনত কামৰূপৰ উপায়ুক্ত এছ কে অগ্নিহোত্ৰীয়ে চৰকাৰী কাম কাজৰ বাবে অধিগ্ৰহণ কৰিছিল গুৱাহাটী টাউন ক্লাব। আনকি অগ্নিহোত্ৰীয়ে দেশৰ অন্যতম প্ৰাচীন ক্লাবটো ভাঙি পেলোৱাৰ বাবেও উদ্যত হৈছিল। কিন্তু সেই সময়ত ক্লাবৰ সভাপতি স্বনামধন্য ক্ৰীড়া সাংবাদিক পুলিন দাসৰ প্ৰচেষ্টাত টাউন ক্লাব ৰক্ষা পৰিছিল। তথাপি চৰকাৰী কাম কাজৰ মুক্ত স্থলী হৈ পৰিছিল টাউন ক্লাব। জজ খেল পথাৰখন সেই সময়ত চৰকাৰী অনুষ্ঠান, বাণিজ্য মেলা তথা অন্যান্য ক্ৰীড়াবহিৰ্ভূত কাৰ্য্যকলাপতে সীমাবদ্ধ হৈ পৰিছিল। মাজৰ প্ৰায় ২০-২৫ বছৰ গুৱাহাটী টাউন ক্লাবত ক্ৰীড়াৰ কোনো অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। ক্ৰীড়াপ্ৰেমীৰ বাবে এক দুৰ্বিষহ যন্ত্ৰণা হৈ পৰিছিল এই সমগ্ৰ দৃশ্য। গুৱাহাটী টাউন ক্লাবে যেন নীৰৱে মৃত্যুৰ ক্ষণ গনিছিল। মাজে মাজে টাউন ক্লাবৰ পৰিচালনা সমিতিয়ে দুই এখন স্মাৰক পত্ৰ চৰকাৰী ঘৰত দাখিল কৰিছিল। জজ খেল পথাৰখনক কেৱল ক্ৰীড়াৰ বাবে ব্যৱহাৰৰ অনুমতি বিচাৰি আৱেদন নিবদেন কৰিছিল। কিন্তু চৰকাৰৰ আওকণীয়া মনোভাৱত সেই আহ্বানে গুৰুত্ব লাভ কৰা নাছিল। এসময়ৰ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হৈ পৰা টাউন ক্লাবে লাহে লাহে হেৰুৱাবলৈ ধৰিছিল পূৰ্বৰ গৰিমা।

এক ক্ৰীড়াময় পৰিৱেশ সততে দেখা পোৱা যায় জজ খেলপথাৰত

ইয়াৰ মাজতে ক্লাবৰ বেয়া দিন এদিন উকলিছিল। এটা সময়ত ক্লাবটোৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল ডঃ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কাৰ্যকালতে পুনৰ জজ খেলপথাৰক চৰকাৰী কাৰ্যসূচীৰ পৰা মুক্ত কৰি ক্ৰীড়াৰ বাবে মুকলি কৰি দিয়া হ’ল। কেৱল গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ বাদে জজ খেলপথাৰ সংৰক্ষিত হৈ ৰ’ল খেলৰ বাবে। খেলপথাৰখনত নিৰ্মাণ হ’ল এটা পেভিলিয়ন, ফ্লাড লাইটৰ ব্যৱস্থা হ’ল,লগতে এটা অত্যাধুনিক ক্লাব গৃহও নিৰ্মাণ হ’ল। এনেদৰেই বহুকেইজন ক্ৰীড়াপ্ৰেমী তথা টাউন ক্লাবৰ কৰ্মকতাৰ আশাসুধীয়া প্ৰচেষ্টাত পুনৰোজ্জীৱিত হৈ উঠিল গুৱাহাটী টাউন ক্লাব। আজিও অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে এই ঐতিহাসিক ক্লাবটোৱে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments