Wednesday, May 18, 2022
HomeNewsকেনে আছে নলবাৰীৰ প্ৰবীণ ক্ৰীড়া সংগঠক আব্দুল গফ্ফৰ উজ জামান?

কেনে আছে নলবাৰীৰ প্ৰবীণ ক্ৰীড়া সংগঠক আব্দুল গফ্ফৰ উজ জামান?

✍️ দীপক কুমাৰ দাস

খেলুৱৈ, ক্ৰীড়া সংগঠক, সমাজ সচেতক আব্দুল গফ্ফৰ উজ জামানক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। নামেই যাৰ পৰিচয়। ১৯৫১ চনৰ ৫ ফেব্ৰুৱাৰীত নলবাৰীত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম প্ৰয়াত আকবৰ আলী আৰু মাকৰ নাম গলেজান বেগম। জন্ম হোৱাৰে পৰাই খেলা-ধূলাৰ লগত জড়িত হৈ বয়সেৰে ৭০ৰ দেওনা অতিক্ৰম কৰাৰ পিছতো জামানে এজন যুদ্ধৰত সৈনিকৰ দৰে অসমৰ ক্ৰীড়াৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। তেওঁ সদায় তৰুন হৈ থাকিব বিচাৰে। বয়সটো এটা সংখ্যাহে। তেওঁৰ কাম-কাজত কেতিয়াও বয়সৰ চাপ পৰা নাই। ক্ৰীড়াৰ জড়িয়তেই তেওঁ জীৱনটো উপভোগ কৰিব খোজে। ১৯৬৪ চনত ইউনাইটেড ক্ৰিকেট ক্লাবৰ লগত জড়িত হৈ পিছলৈ ক্লাবটোৰ সম্পাদকৰ দায়িত্ব পালন কৰি ১৯৭৪ চনত নলবাৰী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক হিচাপে নিৰ্বাচিত হয়। সেয়াই আৰম্ভণি। ইয়াৰ পিছত তেওঁ নিজৰ সাহস, একাগ্ৰতা আৰু এগৰাকী ক্ৰীড়াৰ নিষ্ঠাৱান কৰ্মী হিচাপে পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই।

পৰৱৰ্ত্তী পৰ্য্যায়ত ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়-বাব গ্ৰহন কৰি ১৯৯১-৯৭ বৰ্ষলৈ সভাপতি আৰু ২০০১-২০১২ চনলৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰে। নক’লেও হ’ব যে উক্ত সময়ছোৱাত নলবাৰী ক্ৰীড়া সন্থাই এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ লগতে খেল আৰু খেলুৱৈ সৃষ্টিত অভূতপূৰ্ব বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। ইয়াৰ সুবাদতে তেওঁ অসমৰ কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ ক্ৰীড়া ক্ষেত্ৰলৈ সেৱা আগবঢ়াবলৈ সুবিধা পাইছে। তেওঁ অসম অলিম্পিক সন্থাৰ উপ সভাপতি, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি, অসম এথলেটিকছ সন্থাৰ কোষাধক্ষ্য, অসম ভলীবল সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য ইত্যাদি পদত অধিস্থিত হৈছিল। বৰ্তমান তেওঁ নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি পদ অলংকৃত কৰি আছে।

ইয়াৰ উপৰিও তেওঁ ১৯৯৩-৯৪ চনত পাতিয়ালাত অনুষ্ঠিত হৈ যোৱা ১৬ বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেন্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল। উক্ত খেলত অসম দলটোৱে শক্তিশালী উত্তৰ প্ৰদেশৰ বিৰুদ্ধে চুড়ান্ত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। একেটা বৰ্ষতে ১৬ বছৰ অনুৰ্ধৰ মালিগাওঁত অনুষ্ঠিত হৈ যোৱা “মাধৱৰাও সিন্ধিয়া” ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত মেনেজাৰৰ দায়িত্ব পালন কৰিছিল অৱশিষ্ঠ ভাৰতীয় দলৰ বিৰুদ্ধে। ১৯৯৪-৯৫ চনত গোৱাত অনুষ্ঠিত হোৱা ১৬ বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেন্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাতো তেওঁ মেনেজাৰৰ দায়িত্ব পালন কৰে। উক্ত প্ৰতিযোগিতাত দিল্লীৰ বিৰুদ্ধে অসম দল বিজয়ী হৈছিল। ২০০৫-০৬ চনত ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ যোৱা ১৯ বছৰ অনুৰ্ধৰ বিনোদ মানকাড় ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলে ৱেষ্ট বেংগল আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে বিজয়ী হয়। উক্ত খেলটো তেওঁ মেনেজাৰৰ ভুমিকা পালন কৰিছিল। ২০০৮-০৯ চনৰ অসম ৰঞ্জী দলৰো তেওঁ মেনেজাৰ আছিল।

হাড়ে হিমজুৱে ক্ৰিকেটক ভাল পোৱা এই গৰাকী ক্ৰীড়া সংগঠকে অসমৰ ক্ৰিকেটৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি থকা দেখা গৈছে। তেওঁৰ মতে অসমত বহু প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ আছে। এই সকলক একগোট কৰি উপযুক্ত প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মতভাৱে দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিব পাৰিলে অসমৰ ক্ৰিকেট দলেও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাল ফলাফল ডাঙি ধৰিবলৈ সক্ষম হ’ব। অৱশ্যে খেলুৱৈ সকলৰ একাগ্ৰতা আৰু প্ৰৱল ইচ্ছাশক্তিৰ প্ৰয়োজনিয়তা আছে। ক্ৰিকেট তেওঁৰ প্ৰিয় খেল হলেও সকলো খেলৰ প্ৰতিয়ে তেওঁৰ আছে অযুত ভালপোৱা আৰু উৎসাহ। যাৰ বাবে বিভিন্ন খেলৰ বিভিন্ন পৰ্য্যায়ৰ আন্তঃ জিলা প্ৰতিযোগিতাসমূহত তেওঁ অংশগ্ৰহণ কৰি খেলুৱৈ, কৰ্মকৰ্তা আৰু ক্ৰীড়া সন্থা সমূহক উৎসাহ যোগোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে।

খেলুৱৈ সৃষ্টিয়ে হৈছে তেওঁৰ লক্ষ্য। তেওঁ নিজৰ ঘৰৰ চৌহদতে এসময়ত ক্ৰিকেট পিটচ তৈয়াৰ কৰি চেমনীয়াসকলক দিছিল ক্ৰিকেটৰ প্ৰশিক্ষণ। তেওঁৰ অনুশীলনতে বহুকেইজন খেলুৱৈয়ে ক্ৰিকেটৰ বেট ধৰিবলৈ শিকিছিল আৰু বলিঙতো পাৰ্গত হৈ উঠিছিল। অসমত এনে কিছু ক্ৰীড়া সংগঠক আছে যিসকলে কেৱল নিজক প্ৰতিস্থা কৰাৰ লগতে আত্মপ্ৰচাৰৰ স্বাৰ্থতহে ক্ৰীড়াক্ষেত্ৰত ব্যস্ত থকা পৰিলক্ষিত হৈছে। এই সকলৰ পৰা অসমৰ ক্ৰীড়া কেতিয়াও উন্নতি হ’ব নোৱাৰে। এনে কিছুমান নিষ্ঠাৱান, অক্লান্ত ক্ৰীড়া সংগঠক আছে যি সকলৰ বহুত কষ্ট আৰু ত্যাগৰ বিনিময়তহে অসমৰ ক্ৰীড়াই থিয়-ডঙা দি থাকিব পাৰিছে। এই সকলৰ ক্ৰীড়াৰ নামত আত্মীক সহযোগিতা অনস্বীকাৰ্য। এই সকলৰ ভিতৰত নিশ্চয়কৈ আব্দুল গফ্ফাৰ উজ জামানৰ নামটো ল’ব পাৰি। যি জনে গোটেই জীৱনটোৱে ক্ৰীড়াৰ নামত উৎসৰ্গা কৰিছে। ক্ৰীড়া অবিহনে তেওঁ যেন জীয়াই থকাটোৱে টান হৈ পৰিব। ক্ৰীড়াৰ উন্নতিৰ হকে লাগি থাকি তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা স্বীকৃতি হিচাপে এককালীন সাহাৰ্য পাবলৈ সক্ষম হৈছে। এই স্বীকৃতিয়ে তেওঁক দুগুণ উৎসাহেৰে ক্ৰীড়াৰ লগত লাগি থকাৰ প্ৰেৰণা দিছে। বৰ্তমান তেওঁ অসুস্থ। ক্ৰীড়াৰ নামত আৰু অধিক কিবা কিবি কৰাৰ বাবে তেওঁ মনতে আশা পুহি ৰাখিছে। এইজন ক্ৰীড়া সংগঠকক লৈ নলবাৰী গৌৰাৱাম্বিত। তেওঁক ভগৱানে অসমৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে অধিক শক্তি প্ৰদান কৰক। এয়াই আমাৰো কামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments