অলিম্পিয়া প্ৰতিবেদন
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাকৰ জাপান ভ্ৰমণৰ এসপ্তাহ পিছতেই টকিঅ’ৰ গৱৰ্নৰ ইউৰিক’ ক’ইক’ য়ে ঘোষণা কৰিছে আগন্তুক বৰ্ষত টকিঅ’ত অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাটো নিশ্চিত। থমাছ বাকৰ জাপান ভ্ৰমণৰ পিছতেই ইউৰিক’ৰ এই মন্তব্য গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো বিগত দিনবোৰত জাপানত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে ২০০০তকৈ অধিক পোহৰলৈ আহিছে। আনহাতে টকিঅ’ত প্ৰতিদিনে ৫০০ কৈ অধিক কৰ’না আক্ৰান্ত চিনাক্ত হৈছে।
টকিঅ’ৰ গৰ্ৱনৰ ইউৰিক’ই কয়, আমাৰ সকলোতকৈ বেছি সুখ তেতিয়া হ’ব যেতিয়া সকলো দেশৰ এথলিট সুৰক্ষিতভাৱে আমাৰ ইয়ালৈ আহিব আৰু ভালদৰেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পাৰোঁ। ইয়াৰ উপৰিও অনুৰাগীৰ এণ্ট্ৰী হ’ব পাৰে।
অৱশ্যে এতিয়ালৈকে প্ৰতিযোগিতাখনত দৰ্শকৰ প্ৰৱেশক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। তথাপিও দৰ্শকৰ বাবে প্ৰতিযোগিতাখন মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আনহাতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বাকে কেইদিনমান পূৰ্বে কৈছিল খেলুৱৈৰ বাবে নিৰ্মাণ কৰা গেমছ ভিলেজ সুৰক্ষিত হৈ আছে। যদি ভেকচিন নিৰ্মাণ হয় তেনে খেলুৱৈ আৰু দৰ্শকক ভেকচিন প্ৰদান কৰা হ’ব।
উল্লেখ্য যে টকিঅ’অলিম্পিক এবছৰ পিছুৱাই দিয়াৰ বাবে জাপান চৰকাৰৰ ৫৬হাজাৰ কোটি টকাৰ লোকচান হৈছে।