Thursday, May 19, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,চেনীমাৰী লোকেল বয়জ কোৱাৰ্টাৰ ফাইনেলত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,চেনীমাৰী লোকেল বয়জ কোৱাৰ্টাৰ ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ খেলত জাগীৰোডৰ চেনীমাৰী লোকেল বয়জে ভূৰবন্ধা ক্ৰিকেট ক্লাবক ১০ উইকেটত সহজেই হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । দ্বিতীয় ৰাউণ্ডৰ খেলখনত ভূৰবন্ধা ক্ৰিকেট ক্লাবে পোনতে বেট ধৰি ৰাকেশ কোঁৱৰৰ-২৪, সমুদ্ৰ বৰাৰো-২৪, অপু দাসৰ-১৯ আৰু বিদ্যুৎ ডেকাৰ-১৪ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ১৫ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ১০৮ ৰাণ সংগ্ৰহ কৰে । বলিঙত চেনীমাৰী লোকেল বয়জৰহৈ মুস্তাফিজুৰ ৰহমানে চাৰিটা,মুন্না ডেকা আৰু বাবু আহমেদে দুটাকৈ তথা সুৰজ ডেকাই এটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত চেনীমাৰী লোকেল বয়জ দলে অপেনাৰদ্বয় জয়ন্ত চৌধৰীৰ-৫৯ আৰু দিলদাৰ হুছেইনৰ-৫৩ ৰাণৰ অনবদ্য অৱদানৰে ৬.৪ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে ১১২ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে ।শনিবাৰৰ খেলত নগাঁৱৰ এফ.এম.বি.ইলেভেন ষ্টাৰে ৰহাৰ ধীৰাজ ইলেভেনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments