Sunday, October 2, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,পবিতৰা ইলেভেন ষ্টাৰ কোৱাৰ্টাৰ ফাইনেলত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,পবিতৰা ইলেভেন ষ্টাৰ কোৱাৰ্টাৰ ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত পবিতৰা ইলেভেন ষ্টাৰ ক্লাবে মৰিগাঁৱৰ পি.চি.চি.দলক চাৰি উইকেটত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । দ্বিতীয় ৰাউণ্ডৰ খেলখনত মৰিগাঁও পি.চি.চি.দলে টছত জিকি পোনতে বেট ধৰি কাশ্যপজ্যোতি বৰকাকতিৰ-৫৪, হেমন্ত বৰাৰ-৫১ আৰু ৰূপন কোঁৱৰৰ-১৬ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ১৫ অভাৰত সাতটা উইকেটৰ বিনিময়ত ১২৯ ৰাণ সংগ্ৰহ কৰে । বলিঙত পবিতৰা ইলেভেন ষ্টাৰৰহৈ ছাহিদুল ইছলামে দুটা,ইমৰাণ হুছেইন, ধৰ্মজ্যোতি শৰ্মা আৰু আনচাৰুল আলমে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত পবিতৰা ইলেভেন ষ্টাৰ ক্লাবে বেট ধৰি আনচাৰুল আলমৰ-৩১, ছাহিদুল ইছলামৰ-২৯, ইনামুল হুছেইনৰ-১৯ আৰু ধৰ্মজ্যোতি শৰ্মাৰ-১৬ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৪.২ অভাৰত ছটা উইকেটৰ বিনিময়ত ১৩১ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে ।বলিঙত মৰিগাঁও পি.চি.চি.ৰহৈ ভৈৰৱ কোঁৱৰ আৰু কাশ্যপজ্যোতি বৰকাকতিয়ে দুটাকৈ তথা বিশাল ডেকাই এটা উইকেট পায় । মঙলবাৰৰ খেলত শ’লমাৰী মিকিৰগাঁও যুৱক সংঘই মৰিগাঁৱৰ মিলনপুৰৰ হিলফুল ক্লাব দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি হবিবুৰ ৰহমান ছিদ্দিকী আৰু মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments