Monday, October 3, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,মৰিগাঁও মিলনপুৰ হিলফুল কোৱাৰ্টাৰ ফাইনেলত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,মৰিগাঁও মিলনপুৰ হিলফুল কোৱাৰ্টাৰ ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ মঙলবাৰৰ খেলত মৰিগাঁও মিলনপুৰৰ হিলফুল ক্লাবৰ ক্ৰিকেট দলে শ’লমাৰী মিকিৰগাঁও যুৱক সংঘক ৭ উইকেটত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । দ্বিতীয় ৰাউণ্ডৰ খেলখনত শ’লমাৰী মিকিৰগাঁও যুৱক সংঘ দলে টছত জিকি পোনতে বেট ধৰি ফুলসিং মাণ্টাৰ-৫১, সুৰজিৎ নাথৰ-৪০, পদুম ডেকাৰ-১৯ আৰু নয়নমণি ডেকাৰ-১৮ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ১৫ অভাৰত আঠটা উইকেট হেৰুৱাই ১৪০ ৰাণ সংগ্ৰহ কৰে । বলিঙত মিলনপুৰ হিলফুলৰহৈ কৃষ্ণ হীৰাই তিনিটা, টিটু বৰুৱাই দুটা আৰু ত্ৰিদীপ নাথে এটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত মিলনপুৰ হিলফুল ক্লাবে বেট ধৰি চিমৰাজ আহমেদৰ-৪৪, মনোজ নাথৰ-৩৮ আৰু কৃষ্ণ হীৰাৰ-৩১ ৰাণৰ উল্লেখনীয় অৱদানৰে ১১.৪ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ১৪৩ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত শ’লমাৰী মিকিৰগাঁও যুৱক সংঘৰহৈ ফুলসিং নাথ, দিপেন হোকাই আৰু অবিনাশ হোকাইয়ে এটাকৈ উইকেট পায়।বৃহস্পতিবাৰৰ খেলত দন্দুৱা ক্ৰিকেট ক্লাবে জাগীৰোডৰ এম.এছ.ডি.দিলচান ইলেভেনৰ বিৰুদ্ধে খেলিব বুলি আয়োজক সমিতিৰ সভাপতি হবিবুৰ ৰহমান ছিদ্দিকী আৰু মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments