✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ শনিবাৰৰ খেলত জাগীৰোডৰ চেনীমাৰী ল’কেল বয়জ দলে নগাঁৱৰ পি.চি.চি.ক চাৰি উইকেটত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । কোৱাৰ্টাৰ ফাইনেল খেলখনত পি.চি.চি.য়ে টছত জিকি পোনতে বেট ধৰি মোহিত বৰাৰ-৩৩, চিণ্টু তাঁতীৰ-১৬, ইজাজ হুছেইনৰ-১৫ আৰু নিকু বৰাৰ-১৪ ৰাণৰ সহায়ত ১৫ অভাৰত নটা উইকেট হেৰুৱাই ১৩১ ৰাণ সংগ্ৰহ কৰে । বলিঙত চেনীমাৰী ল’কেল বয়জৰহৈ ৰাহুল ডেকাই তিনিটা, সুৰজ ডেকা আৰু পৰাগ ডেকাই দুটাকৈ তথা মুস্তাফিজুৰ ৰহমানে এটা উইকেট দখল কৰে । প্ৰত্যুত্তৰত চেনীমাৰী ল’কেল বয়জে বেট ধৰি কাৰ্তিক দাসৰ-৫৪, মুনীন ডেকাৰ-৩৩ আৰু বাবু আলিৰ-১২ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৩.২ অভাৰত ছটা উইকেটৰ বিনিময়ত ১৩২ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্যত উপনীত হয় ।বলিঙত পি.চি.চি.ৰহৈ মোহিত বৰা আৰু বিদিত দাসে দুটাকৈ, বাবলু আহমেদ আৰু আখটাৰ হুছেইনে এটাকৈ উইকেট পায় । খেলখনত আব্দুল জলিল আৰু এম. ৰহমান খান আম্পায়াৰৰূপে আছিল । সোমবাৰে তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত ৰহাৰ ধীৰাজ ইলেভেনে মৰিগাঁৱৰ মিলনপুৰৰ হিলফুল ক্লাবৰ ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি হবিবুৰ ৰহমান ছিদ্দিকী আৰু মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।