Friday, September 30, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,হিলফুল ক্লাব ফাইনেলত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,হিলফুল ক্লাব ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ বুধবাৰৰ খেলত মৰিগাঁৱৰ মিলনপুৰৰ হিলফুল ক্লাবে ভূৰবন্ধাৰ টুটু এন.আৰ.এছ.ক ৯ উইকেটত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে । বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত ভূৰবন্ধাৰ টুটু এন.আৰ.এছ. দলটোৱে পোনতে বেট ধৰি চানী ৰয়ৰ-২৯, পাৰ্থ শইকীয়াৰ-২৬, ৰৌচন আলিৰ-১৫ আৰু সাগৰ পাটৰৰ-১৪ ৰাণৰ বৰঙণিৰে ১৬ অভাৰত আঠটা উইকেট হেৰুৱাই ১১৪ ৰাণ সংগ্ৰহ কৰে ।বলিঙত মিলনপুৰ হিলফুলৰহৈ চহিদ আলিয়ে পাঁচটা, ঠাকুৰ ডেকা, দিলবৰ হুছেইন আৰু টিটু বৰুৱাই এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত মিলনপুৰ হিলফুল ক্লাব দলটোৱে বেট ধৰি টানজিন্দৰ সিঙৰ-৫২, সঞ্জয় সিঙৰ অপৰাজিত-৩৪ আৰু মনোজ নাথৰ অপৰাজিত-১৮ ৰাণৰ উল্লেখনীয় অৱদানৰে ৯.৪ অভাৰত এটা উইকেটৰ বিনিময়তে ১১৭ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত টুটু এন.আৰ.এছ.ৰহৈ হিমাংশু দাসে একমাত্ৰ উইকেটটো পায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments