Monday, October 3, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট, ৬ ফেব্ৰুৱাৰীৰ ফাইনেলত হিলফুল ক্লাব বনাম দিলচান...

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট, ৬ ফেব্ৰুৱাৰীৰ ফাইনেলত হিলফুল ক্লাব বনাম দিলচান ইলেভেন

✍️ নেত্ৰমোহন বৰাৰ সহযোগত দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ অহা ৬ ফেব্ৰুৱাৰী (দেওবাৰ)ৰ পুৱা ১০ বজাত আৰম্ভ হ’বলগীয়া ফাইনেল খেলখনত মৰিগাঁৱৰ মিলনপুৰৰ হিলফুল ক্লাবে জাগীৰোডৰ দিলচান ইলেভেনৰ বিৰুদ্ধে খিতাপ লাভৰ যুঁজত প্ৰতিদন্দিতা কৰিব । ইতিমধ্যে অনুষ্ঠিত ছেমি ফাইনেলত মৰিগাঁৱৰ মিলনপুৰৰ হিলফুল ক্লাব দলটোৱে ভূৰবন্ধাৰ টুটু এন.আৰ.এছ.ক ৯ উইকেটত আৰু জাগীৰোডৰ দিলচান ইলেভেনে জাগীৰোডৰে চেনীমাৰী ল’কেল বয়’জক ৭৫ ৰাণত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে । উল্লেখ্য যে,মুঠ ৩২ টা দলৰ যোগদানেৰে আয়োজিত এই সীমিত অভাৰ প্ৰতিযোগিতাৰ ফাইনেল খেলখন ২০ অভাৰৰ হ’ব বুলি আয়োজক সমিতিৰ সভাপতি হবিবুৰ ৰহমান ছিদ্দিকী আৰু মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments