Wednesday, July 6, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,চেনীমাৰী লোকেল বয়জৰ অগ্ৰগতি

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট ,চেনীমাৰী লোকেল বয়জৰ অগ্ৰগতি

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়াম (হাইস্কুল খেলপথাৰ)ত অনুষ্ঠিত ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত জাগীৰোডৰ চেনীমাৰী লোকেল বয়জে অগ্ৰগতি লাভ কৰিছে । সোমবাৰৰ খেলত চেনীমাৰী লোকেল বয়জে এন.কে.ইলেভেনক আঠ উইকেটত পৰাজিত কৰে । খেলখনত এন.কে.ইলেভেনে পোনতে বেট ধৰি য়াহিয়া শ্বেইখৰ-২৭ৰাণৰ বৰঙণি সত্ত্বেও বিপক্ষৰ বাবু আলি(৩/৯),পিণ্টু আলি(৩/১০) আৰু মুস্তাফিজুৰ ৰহমান(২/১০)ৰ বিধ্বংসী বলিঙৰ প্ৰকোপত ১১.৩ অভাৰতে সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫১ ৰাণহে কৰিবলৈ সক্ষম হয় । প্ৰত্যুত্তৰত চেনীমাৰী লোকেল বয়জে ৰাজু আলিৰ-১৭,জয়ন্ত চোধুৰীৰ-১৬ আৰু বাবু আলিৰ-১২ৰাণৰ সহায়ত ৫.১ অভাৰতে দুটা উইকেটৰ বিনিময়ত ৫৩ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । এই প্ৰতিযোগিতা দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী আব্দুল মণিম ফাৰুকীয়ে । উদ্বোধনী খেলখনত ৰহা খলিহামাৰীৰ ধীৰাজ একাদশে জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাক তিনি উইকেটত পৰাজিত কৰে । প্ৰতিযোগিতাৰ মঙলবাৰে কোনো খেল নাই । অহা ২২ ডিচেম্বৰৰ খেলত ভূৰবন্ধা নিউ ষ্টাৰ ক্ৰিকেট ক্লাবে বগৰীবাৰী ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments