Sunday, October 2, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,এছ,এম,গাঁও যুৱক সংঘৰ অগ্ৰগতি

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,এছ,এম,গাঁও যুৱক সংঘৰ অগ্ৰগতি

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়াম (হাইস্কুল খেলপথাৰ)ত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত শলমাৰী মিকিৰ (এছ,এম,) গাঁও যুৱক সংঘই অগ্ৰগতি লাভ কৰিছে । শনিবাৰৰ খেলত শলমাৰী মিকিৰগাঁও যুৱক সংঘই মৰিগাঁৱৰ ৰেকিব ইলেভেনক ৬৭ ৰাণত পৰাজিত কৰে । খেলখনত শলমাৰী মিকিৰগাঁও যুৱক সংঘই পোনতে বেট ধৰি পদুম ডেকাৰ-৪৯ আৰু সুৰজিত নাথৰ -২৪ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ১৫ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১২৭ ৰাণ সংগ্ৰহ কৰে । বলিঙত ৰেকিব ইলেভেনৰহৈ বাবলু আলিয়ে তিনিটা, চৰিফুল ইছলাম, বাবু খান আৰু মোজাহিৰুল ইছলামে এটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত ৰেকিব ইলেভেনে বেট ধৰি ১২.৪ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬০ ৰাণহে কৰিবলৈ সক্ষম হয় । বলিঙত শলমাৰী মিকিৰগাঁও যুৱক সংঘৰহৈ বাপুকণ নাথ, ফুলসিং মাণ্টা আৰু নয়নমণি ডেকাই দুটাকৈ, বিমল বৰদলৈ আৰু পদুম ডেকাই এটাকৈ উইকেট দখল কৰে । দেওবাৰৰ খেলত বাৰপূজীয়া আঞ্চলিক ক্ৰিকেট ক্লাবে মৰিগাঁৱৰ মিলনপুৰ হিলফুল ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা কৰিব বুলি আয়োজক সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments