Sunday, October 2, 2022
HomeNewsনগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,জাজৰিৰ এন.এম.এছ. ইলেভেন কোৱাৰ্টাৰ ফাইনেলত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট,জাজৰিৰ এন.এম.এছ. ইলেভেন কোৱাৰ্টাৰ ফাইনেলত

✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

মৰিগাঁও জিলাৰ নগাবন্ধা বজাৰ সমিতিৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত চলি থকা ২৩ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ বুধবাৰৰ খেলত জাজৰিৰ এন.এম.এছ.ইলেভেনে ধৰমতুল ক্ৰিকেট ক্লাবক তিনি ৰাণত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । দ্বিতীয় ৰাউণ্ডৰ খেলখনত জাজৰিৰ এন.এম.এছ. ইলেভেনে টছত জিকি পোনতে বেট ধৰি মানিক ডেকাৰ-৩৪, সুৰজ ডেকাৰ-১৮ , মফিদুল ইছলামৰ-১৬ আৰু অনুপম বৰাৰ-১৩ ৰাণৰ উল্লেখনীয় অৱদানৰে ১৫ অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত ১৩৩ ৰাণ সংগ্ৰহ কৰে। বলিঙত ধৰমতুল ক্ৰিকেট ক্লাবৰহৈ অমৃত কোঁৱৰ আৰু ৰূপজ্যোতি বৰদলৈয়ে তিনিটাকৈ তথা ৰবি দাসে এটা উইকেট পায় ।প্ৰত্যুত্তৰত ধৰমতুল ক্ৰিকেট ক্লাবে বেট ধৰি সুমন শইকীয়াৰ-৬০, বাবু ডেকাৰ-২২, ৰবি দাসৰ-১৬ আৰু বিজিত ডেকাৰ-১৫ ৰাণৰ উল্লেখনীয় বৰঙণি সত্বেও ১৫ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৩০ ৰাণহে কৰিবলৈ সক্ষম হয় ।বলিঙত এন.এম.এছ. ইলেভেনৰহৈ দীপাংকৰ ডেকাই তিনিটা,সিদ্ধাৰ্থ বৰাই দুটা, মানিক ডেকা, লক্ষ্য বৰা ,ফিৰদুছ আহমেদ আৰু সুৰজ ডেকাই এটাকৈ উইকেট দখল কৰে । খেলখনত মফিজুৰ ৰহমান খান আৰু আব্দুল জলিল আম্পায়াৰৰূপে আছিল । খেলৰ অন্তত বিশিষ্ট সমাজকৰ্মী হবিবুৰ ৰহমান ছিদ্দিকী আৰু মোজাহিৰুল ইছলামে জাজৰিৰ এন.এম.এছ. ইলেভেনৰ মানিক ডেকাক মেন অব দ্যা মেচৰ বঁটা প্ৰদান কৰে ।বৃহস্পতিবাৰৰ খেলত বৰচুকাবাহা ন-জোৱান যুৱক সংঘই ভূৰবন্ধাৰ টুটু এন.আৰ.এছ.দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি আয়োজক সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments