Wednesday, July 6, 2022
HomeNewsস্বৰ্গীয় আলটাব হুছেইন আৰু স্বৰ্গীয় কেপ্টেইন চন্দ্ৰশেখৰ বৰুৱা সোঁৱৰণি ক্ৰিকেটত সোনাৰি টাউন...

স্বৰ্গীয় আলটাব হুছেইন আৰু স্বৰ্গীয় কেপ্টেইন চন্দ্ৰশেখৰ বৰুৱা সোঁৱৰণি ক্ৰিকেটত সোনাৰি টাউন ক্লাব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

আজি অনুষ্ঠিত স্বৰ্গীয় আলটাব হুছেইন আৰু স্বৰ্গীয় কেপ্টেইন চন্দ্ৰশেখৰ বৰুৱা সোঁৱৰণি ক্ৰিকেটৰ ফাইনেলত সোনাৰি ক্ৰিকেট ক্লাবে চৰাইদেও ক্ৰিকেট কোচিং চেণ্টাৰক ৮ ৰানত পৰাস্ত কৰে।

টছত জয়লাভ কৰি চৰাইদেও ক্ৰিকেট কোচিং চেণ্টাৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সোনাৰি টাউন ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ১০ টা উইকেট হেৰুৱাই ১১২ ৰান কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত চৰাইদেও ক্ৰিকেট কোচিং চেণ্টাৰে ২০ অভাৰত ১০৪ ৰানহে কৰিবলৈ সক্ষম হয়। সোনাৰি টাউন ক্লাবৰ চানি পৰাশৰে লাভ কৰে মেন অৱ দ্য মেচৰ সন্মান। আনহাতে চৰাইদেও ক্ৰিকেট কোচিং চেণ্টাৰৰ সঞ্জীৱ বৰ্মনে লাভ কৰে মেন অৱ দ্য ছিৰিজৰ সন্মান।

মেচৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট ব্যক্তি হিচাবে উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, এ চি এৰ যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ নাচিৰ গুল খান, চৰাইদেওৰ আৰক্ষী অধীক্ষক সীতাং মিশ্ৰ আদি। বিজয়ী দলক বঁটা প্ৰদান কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু বিজিতসকলক বঁটা প্ৰদান কৰে নাচিৰ গুল খান আৰু কামাখ্যা শইকীয়াই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments