Tuesday, October 4, 2022
HomeNewsআৰৱ সাগৰত তিনিদিন একেৰাহে সাঁতোৰিব জলকোঁৱৰ এলভিছে !!

আৰৱ সাগৰত তিনিদিন একেৰাহে সাঁতোৰিব জলকোঁৱৰ এলভিছে !!

অলিম্পিয়া প্ৰতিবেদন

আৰৱ সাগৰৰ বুকুত নামিব অসম সাঁতোৰৰ গ্লেমাৰ বয় ।ন অভিলেখ গঢ়িবলৈ সাজু আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিছ আলি হাজৰিকা । সমুদ্ৰৰ তীব্ৰ লহৰক নেওচি আন এক প্ৰত্যাহবানক অতিক্ৰমৰ বাবে প্ৰস্তুতি তুংগত এলভিছৰ ।

বৰ্তমান দীৰ্ঘ দূৰত্বৰ সাঁতোৰত ব্যস্ত অসম গৌৰৱ এলভিছ । বিগত বৰ্ষৰ নবেম্বৰত মহাৰাষ্ট্ৰ চহৰৰ ধৰমতাৰ জেট্ৰিৰ পৰা গ্ৰেটৱে অৱ ইণ্ডিয়ালৈ ৩৮ কিঃমিঃ সাতুৰি এই গৰাকী জলকোঁৱৰে গঢ়িছিল অভিলেখ । কিন্তু এইবাৰ ইয়াতকৈয়ো দুঃসাহসিক সন্তৰণৰ বাবে মন মেলিছে দুৰন্ত সাতোৰবিদজনে । এই সাঁতোৰৰ নামকৰণ কৰা হৈছে ” ইণ্ডো-আৰৱিয়ান গ্ৰেটৱে ছুইমিং” । মুম্বাইৰ গ্ৰেটৱেৰ পৰা পুনৰ গ্ৰেটৱে মুম্বাই চাৰ্কোললৈ মুঠ ১৬৮ কি মি জলপথ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে এলভিছ । প্ৰায় তিনিদিন ধৰি একেৰাহে আৰৱ সাগৰৰ তীব্ৰ লহৰত সাতুৰিব এলভিছে । সাগৰ আৰু নদীৰ প্ৰদূষণমুক্তৰ বাৰ্তাৰে এলভিছৰ এই সাঁতোৰ । ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ বেনাৰত অহা ৮ মাৰ্চৰ পুৱাৰ পৰা ১০ মাৰ্চলৈকে অবিৰতভাৱে সাগৰৰ সাঁতুৰিব সন্তৰণবিদ জনে ।

এই জলপথত এলভিছে অতিক্ৰম কৰিব সাগৰৰ উপৰি কেইবাখনো নদীৰ সংগম স্থলী । মুখামুখি হ’ব বহু প্ৰজাতিৰ সাগৰীয় প্ৰাণীৰ । জেলিফিছ, ক্ষুদ্ৰ তিমিকে আদিক নেওচি আগবাঢ়িব এলভিছৰ নিৰন্তৰ সাঁতোৰ ।

এই যাত্ৰা বিপদসংকুল বুলি জানিও অসীম সাহস গোটাইছে এলভিছে । অসম মাতৃলৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বাৰ্থত এনে দুঃসাহসিক ক্ৰীড়াৰ বাবে আত্মবিশ্বাসী জলকোঁৱৰ এলভিছ আলী হাজৰিকা ।

এই দু:সাহসিক ক্ৰীড়া যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে সন্তৰণবিদজনে কেইবামাহৰ পৰা কৰিছে কঠোৰ অনুশীলন । ষ্টেডিয়াম বা মহাবাহু ব্ৰহ্মপুত্ৰত অনুশীলন কৰাৰ উপৰি শৰীৰৰ ওজন বঢ়াইছে ৬ পৰা ৭ কিঃ গ্ৰা পৰ্যন্ত ।

এবাৰ আপুনি ভাবক, কিমান ভয়ানক হ’ব পাৰে এই সাগৰীয় সাঁতোৰ । এলভিছে শক্তিবৃদ্ধি তথা ভোক নিবাৰণৰ বাবে গ্ৰহণ কৰিব ছকলেট ।

এলভিছৰ ৰিলে পাৰ্টনাৰ হিচাপে থাকিব পশ্চিমবংগৰ সাঁতোৰবিদ ৰেমো সাহা আৰু মহাৰাষ্ট্ৰৰ সাঁতোৰবিদ গণেশ পালাণ্ডে ।

বুধবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদ মেলত এই সকলো কথা সদৰী কৰে অসম সাঁতোৰৰ গ্লেমাৰ বয়গৰাকীয়ে । সংবাদমেলত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ৰ মুখ্য সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱা, ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰীৰ সভাপতি অমল ডেকা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে এলভিছক এই সাঁতোৰৰ বাবে জনালে শুভেচ্ছা ।

ক্ৰীড়া অনুৰাগীৰ আশা — এই অভিলেখ সৃষ্টিৰে দীৰ্ঘ দূৰত্বৰ সাঁতোৰত এলভিছে ৰোপন কৰক মাইলৰ খুঁটি । আৰৱ সাগৰত দুৰন্ত হৈ উঠক জলকোঁৱৰ এলভিছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments