Monday, October 3, 2022
HomeNewsমহেন্দ্ৰ সিং ধোনিৰ বিষয়ে পাঁচটা কথা; যাৰ বিষয়ে হয়তো আপুনি কেতিয়াও শুনা...

মহেন্দ্ৰ সিং ধোনিৰ বিষয়ে পাঁচটা কথা; যাৰ বিষয়ে হয়তো আপুনি কেতিয়াও শুনা নাছিল!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

সৌ সিদিনা সকলোকে আচম্বিত কৰি ভাৰতীয় ক্ৰিকেট দলৰ একালৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে অৱসৰ গ্ৰহণ কৰে। লগে লগে ভাৰতীয় ক্ৰিকেটৰ এটা যুগৰ অৱসান ঘটিল। এগৰাকী সুদক্ষ উইকেটৰক্ষক, মাৰমুখী বেটছমেন তথা সদা শান্ত সৌম্য স্বভাৱৰ ধোনি আছিল বহুতৰে প্রিয় এগৰাকী ক্ৰিকেটাৰ। তেওঁৰ জনপ্ৰিয়তাৰ উমান আমি পাইছিলোঁ সিদিনা, যিদিনা তেওঁ সন্যাস লোৱাৰ কথা ঘোষণা কৰিছিল। সামাজিক মাধ্যমত শুনিবলৈ পোৱা গৈছিল ধোনি নামৰ বন্দনা। ক্ৰিকেট ভাল পোৱা বহুজনৰে তেওঁ প্রিয়। মোৰো, হয়তো আপোনাৰো। আমি বহুতে আমাৰ প্রিয় ব্যক্তিৰ জীৱনৰ বহু কথাৰ উমান ৰাখোঁ। অনুৰাগীৰ এক সহজাত উৎসুকতা তেনেই স্বাভাৱিক প্রিয় ব্যক্তিগৰাকীৰ প্ৰতি। সেই দৃষ্টিৰে চাবলৈ গলে ধোনিৰ অনুৰাগীসকলে নিশ্চয় তেওঁৰ জীৱনৰ বহু কথা জানে। অথবা জনাৰ চেষ্টা কৰে। তাৰপিছতো এনে বিশাল ব্যক্তিত্বৰ গৰাকী প্রিয় ক্ৰিকেটাৰগৰাকীৰ বহু কথা নজনাকৈয়ে ৰৈ যোৱাটোও অস্বাভাৱিক নহয়। আমি আজি মহেন্দ্ৰ সিং ধোনিৰ তেনে কেইটামান কথাৰ বিষয়ে আপোনালোকক জনাম, যি হয়তো আপোনাৰো জ্ঞাত নাছিল আজিলৈ।

(৫)ধোনিক শচীন টেণ্ডুলকাৰে আগবঢ়াই দিছিল অধিনায়কৰ বাবে: বহুতে হয়তো নাজানে যে মহেন্দ্ৰ সিং ধোনি অধিনায়ক হোৱাৰ আঁৰত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ যথেষ্ট ভূমিকা আছিল। সেই সময়ত বীৰেন্দ্ৰ সেৱাগ অভিজ্ঞ আছিল যদিও শচীনে ধোনিকহে অধিনায়কৰ দায়িত্ব দিয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। সেই মৰ্মে ২০০৭ চনৰ টি-টুৱেন্টি বিশ্বকাপত অভিজ্ঞ শচীন, সৌৰভ আৰু দ্ৰাবিড়ৰ অনুপস্থিতত ধোনিৰ হাতত অৰ্পণ কৰা হয় অধিনায়কৰ দায়িত্ব। ধোনিয়েও সেই দায়িত্ব সুকলমে পালন কৰি ভাৰতৰ বাবে কঢ়িয়াই আনে বিশ্বকাপ।

৪) ধোনিৰ ব’ৰ্ড পৰীক্ষাৰ নম্বৰ: পঢ়া শুনাত মহেন্দ্ৰ সিং ধোনি কেনেকুৱা আছিল সেই কথাও জানিবলৈ নিশ্চয়কৈ অনুৰাগীসকলৰ মন যায়। খেলৰ প্ৰতি সৰুৰে পৰা ধাউতি থকা ধোনি পঢ়া শুনাত বৰ বেছি ভাল নাছিল। দশম শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাত ধোনিয়ে লাভ কৰিছিল ৫৬ শতাংশ নম্বৰ। তাৰ বিপৰীতে, দ্বাদশ শ্ৰেণীত লাভ কৰিছিল ৬৬ শতাংশ নম্বৰ। এই কথা প্ৰকাশ পাইছে তেওঁৰ আত্মজীৱনীমূলক চলচ্চিত্ৰ এম এছ ধোনি: দ্য আনট’ল্ড ষ্ট’ৰীত।

৩) ষ্টাম্পিং শূণ্য আই পি এলৰ প্ৰথম চিজন: ২০০৮ চনত আৰম্ভ হৈছিল আই পি এল। আৰম্ভণিৰে পৰা ধোনি চেন্নাই চুপাৰ কিংছ দলতেই বিৰাজমান আছিল। তেওঁৰ নেতৃত্বতে দলটোৱে লাভ কৰিছে ধাৰাবাহিকভাৱে সফলতা। নেতৃত্বৰ লগতে বেটিং পৰাক্ৰম তথা উইকেট কিপিঙত থকা দক্ষতাৰ বাবে ধোনি এগৰাকী সফল টি টুৱেন্টি ক্ৰিকেটাৰ। এগৰাকী সফল উইকেটৰক্ষক ধোনিয়ে কিন্তু আই পি এলৰ প্ৰথম চিজনত কৰিব পৰা নাছিল এটাও ষ্টাম্পিং। ই আছিল তেওঁৰ বাবে এটা অনাকাংক্ষিত অভিলেখ।

২) মহেন্দ্ৰ সিং ধোনিৰ প্রিয় ফুটবল দল আৰু ফুটবলাৰ: ধোনিৰ একান্ত অনুৰাগী সকলে নিশ্চয় জানে যে ফুটবল তেওঁৰ প্রিয়। স্কুলীয়া দিনত তেওঁ ফুটবল দলৰ গ’লৰক্ষক আছিল। অৱশ্যে, বহু অনুৰাগীয়ে হয়তো নাজানে তেওঁৰ প্রিয় ফুটবল দল তথা প্রিয় ফুটবলাৰৰ বিষয়ে। ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে লিয়নেল মেচি হৈছে তেওঁৰ প্রিয় ফুটবলাৰ। সন্যাস লোৱা সকলৰ ভিতৰত জিনেদান জিদান তেওঁৰ প্রিয়। মানচেষ্টাৰ ইউনাইটেড হৈছে তেওঁৰ প্রিয় ফুটবল ক্লাব।

১) বিখ্যাত হেলিকপ্টাৰ শ্বটৰ আঁৰৰ কাহিনী: ধোনি যিদৰে এগৰাকী সফল ক্ৰিকেটাৰ।সেইদৰে উদ্ভাৱনী শক্তিৰে তেওঁৰ বেটিং শৈলীও অন্যন্য। হেলিকপ্টাৰ শ্বট তেওঁ উদ্ভাৱন কৰা এটি জনপ্ৰিয় ক্ৰিকেটিং শ্বট।মূলতঃ য়ৰ্কাৰ বলবোৰ বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠিওৱাৰ এক আকৰ্ষণীয় কৌশল এই হেলিকপ্টাৰ শ্বট। বহুতে হয়তো নাজানে এই শ্বট মহেন্দ্ৰ সিং ধোনিয়ে ক’ত কেনেদৰে শিকিলে। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ক্ৰিকেটাৰ সন্তোষ লালে ধোনিক এই শ্বট শিকাইছিল। ৰঞ্জী ক্ৰিকেটত লালে এই শ্বট ব্যৱহাৰ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে ২০১৩ চনত এইগৰাকী খেলুৱৈৰ মৃত্যু হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments