Tuesday, October 4, 2022
HomeNewsদুজন ৰসিক আম্পায়াৰ শ্বেফাৰ্ড আৰু বাক্‌নাৰ

দুজন ৰসিক আম্পায়াৰ শ্বেফাৰ্ড আৰু বাক্‌নাৰ

অলিম্পিয়া বিশেষ লেখা

✍️ যুগললোচন দাস

বিশ্ব ক্ৰিকেটৰ খেলপথাৰত আম্পায়াৰিঙত এনে কেইজনমান ৰসিক আম্পায়াৰ আছে যি খেলুৱৈৰ লগতে দৰ্শককো প্ৰচুৰ আমোদ দি জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁলোকৰ ভিতৰত আমি নাম ল’ব পাৰো ইংলেণ্ডৰ ডেভিড শ্বেফাৰ্ড আৰু ৱেষ্ট ইণ্ডিজৰ ষ্টিভ বাক্‌নাৰৰ।

ৱেষ্ট ইণ্ডিজৰ এই দীৰ্ঘদেহী আম্পায়াৰজন যেতিয়া কোনো অন্তঃৰাষ্ট্ৰীয় মেচত আম্পায়াৰিং কৰি থাকে কোনো আউটৰ আপীল হ’লে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰে এইজন হাঁহি মুখীয়া কৃষ্ণাংগ আম্পায়াৰৰ ওপৰত। প্ৰতিপক্ষ বেটছমেনজনৰ পেডত বল লাগিল। বলাৰৰ লগতে সতীৰ্থসকলৰ জোৰদাৰ আপীল এল বি ডব্লিউৰ। কিন্তু আম্পায়াৰ ষ্টিভ বাক্‌নাৰে নিৰ্লিপ্ত হৈ কিছুসময় হাঁহি ৰৈ থাকে। আপীলৰ লগে লগে নিজৰ সিদ্ধান্ত দিয়াৰ অভ্যাসেই নাই তেওঁৰ। আঙুলি তুলি আউট ঘোষণা নকৰাত অস্বস্তিত ভোগে বলাৰ আৰু বেটছমেন। বহু পলমকৈ নিজৰ সিদ্ধান্ত দিয়ে বাক্‌নাৰে হাঁহি হাঁহি। লাহেকৈ আঙুলিটো তুলি কৈ দিয়ে আ-উ-ট। নহ’লে হাঁহি হাঁহিয়েই মুৰটো লৰাই নট আউট ঘোষণা কৰে। এনে লাগে খেলৰ সময়ত তেওঁ যেন কোনো বেটছমেন আউট হোৱাটো কামনা নকৰে। আউট হ’লেও বৰ দুখ পাইছে। সেয়ে পলমকৈ বাক্‌নাৰে আউট ঘোষণা কৰাৰ বাবে তেওঁক কোৱা হয় ‘গ্ৰেট ডিলেয়াৰ’।

ৱেষ্ট ইণ্ডিজৰ ‘মান্টগো-বে’ত জন্ম গ্ৰহন কৰা বাক্‌নাৰে অকল ক্ৰিকেটতেই আম্পায়াৰিং কৰা নাই তেওঁ ফুটবলৰো এজন দক্ষ ৰেফাৰী। বিশ্বকাপ ক্ৰিকেট অভিলেখ ৫ খন বিশ্বকাপত আম্পায়াৰিং (১৯৯২ পৰা ২০০৭ চনলৈ) কৰিছে। সেইদৰে বাক্‌নাৰে বিশ্বকাপ ফুটবলত হণ্ডুৰাছ আৰু এল ছালভাদোৰৰ মাজৰ খেলত ৰেফাৰিং কৰি অনন্য কৃতিত্ব অৰ্জন কৰি থৈছে। ফুটবলত বাক্‌নাৰে ১৯৮৫ ৰ পৰা ১৯৯২ চনলৈ ৰেফাৰিং কৰাৰ বিপৰীতে ক্ৰিকেটত আম্পায়াৰিং আৰম্ভ কৰিছিল ১৯৮৮ চনৰ পৰা। বাক্‌নাৰৰ সম্পূৰ্ণ নাম হ’ল—ষ্টিফেন এন্থনী বাক্‌নাৰ। তেওঁ কেৱল আম্পায়াৰিঙেই কৰা নাছিল খেলিছিল আৰু প্ৰশিক্ষকো আছিল। আম্পায়াৰ হিচাবে অভিলেখ সংখ্যক ১২৮ খন টেষ্ট মেচ ১৯৮৯ ৰ পৰা ২০০৯ চনলৈ পৰিচালনা কৰে। সেইদৰে ১৮১ খন এদিনীয়া মেচত কৰে আম্পায়াৰিং। তাৰ ভিতৰত একেৰাহে ৫ খন বিশ্বকাপ পৰিচালনা কৰা ৰেকৰ্ড আছে। ‘অৰ্ডাৰ অৱ জাবাইকা’ উপাধিৰে সন্মানিত ৭৪ বছৰীয়া আম্পায়াৰজন এটা সময়ত হাইস্কুলৰ গণিতৰ শিক্ষকো আছিল।


আনহাতে আনজন ৰসিক আম্পায়াৰ ইংলেণ্ডৰ ডেভিদ শ্বেফাৰ্ডক জনা যায় ‘নাচুৱৈ আম্পায়াৰ’ অৰ্থাৎ ‘ডেনচিং আম্পায়াৰ’ হিচাবে। বাক্‌নাৰৰ দৰে শ্বেফাৰ্ডো ক্ৰিকেট বিশ্বত জনপ্ৰিয় আম্পায়াৰ। খেল চলি থকাৰ সময়ত এখন ভৰি দাঙি নাচি দিয়াৰ সেই আমোদজনক দৃশ্য চাবলৈ সকলো দৰ্শকে হাবিয়াস কৰে। খেল পথাৰত আম্পায়াৰে নচা ই এক বিৰল দৃশ্য। কথাটো আচহুৱা যেন লাগিলেও সত্য। অৱশ্যে এটা বিশেষ মুহূৰ্ততহে শ্বেফাৰ্ডে ভৰি তুলি নাচে। খেলত বেটিং কৰি থকা দলটোৰ ৰাণে- উইকেট যদি সমান সংখ্যাক হয়, অৰ্থাৎ দলৰ ৰাণৰ সংখ্যা ধৰক এক উইকেটত ১১১ হয় তেন্তে তেওঁ ভৰি নচুৱাবই। তেনে ৰাণ সংখ্যা যেনে ১১১, ২২২, ৩৩৩ আদিক ‘নেলছন’ বুলি কোৱা হয়। খেলত ৰাণ সংখ্যা ‘নেলছন’ হ’লেই দৰ্শকে খেল এৰি এই আম্পায়াৰজনৰ নাচ উপভোগ কৰে। তেওঁৰ সম্পূৰ্ণ নাম হ’ল— ডেভিদ ৰবাৰ্ট শ্বেফাৰ্ড।

তেওঁ এজন প্ৰথম শ্ৰেনীৰ সুদক্ষ ক্ৰিকেটাৰ আছিল। ১৯৪০ চনত বিডফ’ৰ্ডত জন্মগ্ৰহণ কৰা শ্বেফাৰ্ড সোঁহতীয়া মিডিয়াম পেচাৰ আছিল। পিছত আম্পায়াৰিং কৰিবলৈ আহি ৯২ খন টেষ্টত আম্পায়াৰ কৰে। ২০০৫ চনত তেওঁ অৱসৰ লৈছিল। আনহাতে ১৭২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ পৰিচালনা কৰে। ১৯৯৫, ১৯৯৯ আৰু ২০০৩ চনৰ তিনিখন বিশ্বকাপত একেৰাহে আম্পায়াৰিং কৰে। বাক্‌নাৰ আৰু শ্বেফাৰ্ড দুয়োজন যেতিয়া আহে দৰ্শকসকল উৎফুল্লিত হৈ পৰা দেখা গৈছিল। তিনিখনকৈ বিশ্বকাপৰ ফাইনেল পৰিচালনা কৰিছিল দুয়ো। শ্বেফাৰ্ড বেটছমেন হিচাবে প্ৰথম শ্ৰেনী ক্ৰিকেট খেলিছিল গ্ল’ষ্টাৰশ্বায়াৰৰ হৈ। ১৯৮৫ চনৰ পৰা টেষ্ট ক্ৰিকেটত আম্পায়াৰিং কৰা শ্বেফাৰ্ড আছিল অবিবাহিত। প্ৰখ্যাত আম্পায়াৰ ডি বি বাৰ্ডক আদৰ্শ হিচাবে লোৱা শ্বেফাৰ্ডৰো আছিল নিজস্ব ব্যৱস্থা। সঠিক সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আৰু খেলুৱৈসকলৰ সৈতে বহুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে দুয়োজন আম্পায়াৰ আজিও সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ। ২০০৯ চনৰ ২৭ অক্টোবৰত মৃত্যু হয় ডেভিড শ্বেফাৰ্ডৰ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments