Friday, September 30, 2022
HomeNewsস্তব্ধ ক্ৰীড়া : আমেৰিকাৰ ক্ৰীড়া অৰ্থনীতিত ৯০,৪৯১ কোটিৰ ঘাটি : ৩ লাখ...

স্তব্ধ ক্ৰীড়া : আমেৰিকাৰ ক্ৰীড়া অৰ্থনীতিত ৯০,৪৯১ কোটিৰ ঘাটি : ৩ লাখ কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰ

olympiasports.in

কৰ’না মহামাৰীৰ বাবে এতিয়া স্তব্ধ হৈ আছে বিশ্বৰ ক্ৰীড়া জগত। ফলত প্ৰতিখন ৰাষ্ট্ৰ‌ই ক্ৰীড়াৰ জৰিয়তে উপাৰ্জন কৰা কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগীয়া হৈছে। তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ‌ই কৰ’না মহামাৰীৰ বাবেই ৭ লাখ ৫৪ হাজাৰ কোটি টকাৰ ক্ৰীড়া অৰ্থনীতিৰ প্ৰায় ৯০ হাজাৰ ৪৯১ কোটি টকাৰ ৰাজহ হেৰুৱাব। ৰাষ্ট্ৰখনত দৰ্শকৰ অবিহনে অনুষ্ঠিত কৰিবলৈ আগবঢ়া বেচবল লীগ ৰ পৰাই প্ৰতিদিনে হেৰুৱাব ১৫ হাজাৰ কোটি টকাৰ ৰাজহ। আনহাতে নেচনেল ফুটবল লীগ অনুষ্ঠিত নহ’লে এই লোকচানৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্প’ৰ্টছ বিজনেছ প্ৰ’গ্ৰাম ডাইৰেক্টৰ Patrick Rishe য়ে আমেৰিকা যুক্তৰাষ্ট্ৰত লকডাউৰ বাবে ক্ৰীড়া ক্ষেত্ৰত হ’ব পৰা ক্ষতিৰ বিষয়ে বিশ্লেষণ কৰি এই তথ্য আগবঢ়াইছে। তেওঁৰ মতে লকডাউনৰ বাবে ইউ এছ স্প’ৰ্টছৰ প্ৰায় ৪১ হাজাৰ ২৫০ কোটি আৰু কলেজৰ লগত জড়িত স্প’ৰ্টছ লীগৰ ২৯ হাজাৰ ২৫০ কোটিৰ ৰাজহ লোকচান হ’ব।

Patrick Rishe ৰ মতে লকডাউনৰ বাবে সম্পূৰ্ণ আমেৰিকাত এতিয়া ক্ৰীড়াৰ লগত জড়িত সকলো কাৰ্য বন্ধ হৈ আছে। এন এক পৰিস্থিতিত কেৱল প্ৰ’ স্প’ৰ্টছ লীগতেই দৰ্শকৰ দ্বাৰা টিকট আৰু অন্যান্য বিষয়ৰ লগত জড়িত খৰচৰ ২৪ হাজাৰ ৩৭৫ কোটি টকাৰ লোকচান হ’ব। ইয়াৰ উপৰিও টেলিভিছন লগত হোৱা চুক্তি অনুসৰি লাভ কৰিবলগীয়া ১৬ হাজাৰ ৫০০ কোটি টকাৰো ৰাজহ হেৰুৱাব লাগিব আমেৰিকাৰ বেচবেলে। বিশেষজ্ঞ গৰাকীৰ মতে দৰ্শকৰ অনুপস্থিতিত যদিও চিজনৰ আধা বেচবল প্ৰতিযোগিতা প্ৰতিদিনে অনুষ্ঠিত কৰা হয় তথাপিও প্ৰতিদিনে ১৫ হাজাৰ কোটিৰ ৰাজহ হেৰুৱাব লাগিব এই বেচবল লীগে।

আনহাতে স্তব্ধ হৈ পৰা ক্ৰীড়া ক্ষেত্ৰৰ অৰ্থনৈতিক লোকচান প্ৰচুৰ পৰিমাণে বৃদ্ধি পোৱাৰ বাবে এতিয়া আমেৰিকাৰ ক্ৰীড়া খণ্ডৰ লগত জড়িত ৩০ লাখ কৰ্মচাৰীৰ ভৱিষ্যতলৈও সংকট নামি আহিছে বুলি Patrick Rishe য়ে প্ৰকাশ কৰিছে। এই ৩০ লাখ কৰ্মচাৰীৰ ভিতৰত বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষককে ধৰি সুৰক্ষা কৰ্মীলৈকে চামিল হৈ আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments