অলিম্পিয়া প্ৰতিবেদন
অসমৰ ক্ৰীড়াক্ষেত্রত নৱতম সংযোজন । অসম ক্ৰিকেট সন্থাৰ অধীনত নিৰ্মাণ হ’ল আমিনগাওঁ ক্ৰিকেট গ্ৰাউণ্ড। প্ৰায় ডেৰটা বছৰত সম্পূৰ্ণ হ’ল এই ক্ৰিকেট গ্ৰাউণ্ডৰ নিৰ্মাণকাৰ্য্য । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি ৰাইজৰ নামত উছৰ্গা কৰিলে সু-সজ্জিত ক্ৰিকেট গ্ৰাউণ্ডখন ।
২০২০ বৰ্ষৰ ১০ জুন ।চৌদিশে কৰোণাৰ আতংক । এনে এক দুঃসময়তেই শিলান্যাস হোৱা আমিনগাওঁ ক্ৰিকেট গ্ৰাউণ্ড সম্পূৰ্ণ হৈ উঠিল ।অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ এছ. পি পাৰ্থ সাৰথি মহন্তৰ তত্বাৱধানত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্রত এই গ্ৰাউণ্ডৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছিল । প্ৰায় ডেৰটা বছৰৰ অন্তত ৫ খন উইকেটযুক্ত এখন অত্যাধুনিক ক্ৰিকেট গ্ৰাউণ্ড নিৰ্মাণ কৰি উলিয়ালে অসম ক্ৰিকেট সন্থাই । অনুশীলনৰ বাবেও নিৰ্মাণ কৰি থকা হৈছে ৫ খন উইকেট। এই উইকেট নিৰ্মাণৰ ক্ষেত্রত বিশেষভাৱে সহায় কৰিছে কিউৰেটৰ আশিষ ভৌমিক, বিভূতি তালুকদাৰ আৰু মুকুট কলিতাই।
মংগলবাৰে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাওঁত উপস্থিত হৈ এই গ্ৰাউণ্ড আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰাকৃতিক পৰিবেশৰ মাজত এনে এখন সুন্দৰ গ্ৰাউণ্ড ৰাইজক উপহাৰ দিয়াৰ বাবে তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে এ চি এক। লগতে ৰাজ্যৰ বিভিন্ন স্থানত খেলপথাৰৰ উন্নয়নৰ বাবে এ চি এই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সৰুসজাই প্ৰকল্পৰ দৰেই চন্দপুৰতো এখন সু-সজ্জিত ষ্টেডিয়ামৰ চিন্তা-চৰ্চা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ বাবে চৰকাৰে ডেৰশ কোটি টকাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে তেওঁ ।
উল্লেখযোগ্য যে, বিচিচিআইয়েও স্বীকৃতি প্ৰদান কৰিছে আমিনগাওঁ ক্ৰিকেট গ্ৰাউণ্ডক । বুধবাৰৰ পৰা এই ক্ৰিকেট গ্ৰাউণ্ডতে বিচিচিআইৰ দ্বাৰা এখন মেচ অনুষ্ঠিত হ’ব । ভৱিষ্যতে ৰঞ্জি ট্ৰফীৰ বাবেও এই গ্ৰাউণ্ড গ্ৰহণৰ চিন্তা-চৰ্চা কৰাৰ কথা দোহাৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, ক্ৰীড়ামন্ত্রী বিমল বৰা, মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত,অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তকে আদি কৰি বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়াসংগঠকৰ লগতে খেলুৱৈসকল ।
ৰাজ্যৰ ক্ৰীড়ামন্ত্রীজনো এই গ্ৰাউণ্ডক লৈ আশাবাদী ।খেলুৱৈসকলক এনেধৰণৰ পদক্ষেপে উৎসাহিত কৰিব বুলি মন্তব্য কৰে ক্ৰীড়ামন্ত্রী বিমল বৰাই।
অসম ক্ৰিকেট সন্থাৰ এনে উদ্যোগ অব্যাহত থাকক।ক্ৰিকেটৰ জৰিয়তে সুস্থ বাতাবৰণ সৃষ্টি কৰি যাওক অসম ক্ৰিকেট সন্থাই । অসমৰ প্ৰতিটো প্ৰান্তত আমিনগাওঁৰ দৰে হওক ক্ৰিকেট গ্ৰাউণ্ড ।এয়ে ক্ৰীড়াপ্ৰেমী ৰাইজে কৰিছে কামনা।