Wednesday, August 10, 2022
HomeNewsসৰুসজাইৰ পৰা ৰাষ্ট্ৰীয় এথলেটিকছলৈ যুৱ দৌৰবিদ অম্লানৰ যাত্রা

সৰুসজাইৰ পৰা ৰাষ্ট্ৰীয় এথলেটিকছলৈ যুৱ দৌৰবিদ অম্লানৰ যাত্রা

অম্লান বৰগোহাঁই।এথলেটিকছত এখন নতুন মুখ।অসমৰ সু-সন্তান অম্লান বৰগোহাঁই। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উদিত তাৰকা অসমগৌৰৱ অম্লান। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বৰ্ণ আজুৰি আনিছে এই গৰাকী নৱতম দৌৰবিদে।
ধিং এক্সপ্ৰেছ হিমা দাসৰ পাছত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনো দৌৰবিদ অসমৰ পৰা ওলোৱা নাছিল। সেই অভাৱ কিছু পৰিমাণে দূৰ কৰিছে অসমৰ অম্লানে। তেলেংগনাত অনুষ্ঠিত ৬০ সংখ্যক নেশ্যনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যুৱ দৌৰবিদ অম্লানে। অম্লানে এই ক্ৰীড়াত মাত্র ২০.৭৫ ছেকেণ্ডত ২০০ মিটাৰ দূৰত্ব সম্পূৰ্ণ কৰি নিজৰ ব্যক্তিগত শ্ৰেষ্ঠ অভিলেখ ৰচনা কৰে।ইয়াৰ পূৰ্বে এই একে প্ৰতিযোগিতাতে ১০০ মিটাৰৰ ইভেন্টত তেওঁ ১০.৩৪ ছেকেণ্ডত নিজৰ আন এক ব্যক্তিগত শ্ৰেষ্ঠ প্ৰৰ্দশন দাঙি ধৰি ৰূপৰ পদক অৰ্জন কৰিছিল। এইগৰাকী তৰুণ এথলীটে ২০২০ চনৰ এপ্ৰিলৰ পৰা ভূৱনেশ্বৰৰ ৰিলায়েন্স চেন্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কিন্তু এইগৰাকী উদিত তাৰকাৰ যাত্রা আৰম্ভ হৈছিল সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামৰ পৰাই। ২০১৮ চনৰ ডিচেম্বৰ মাহৰ কথা। অসমৰ জেষ্ঠ প্ৰশিক্ষক নিপন দাসে অম্লানৰ প্ৰতিভাৰ উমান পাই যোগাযোগ কৰিছিল অম্লানক। সেই মৰ্মে অম্লানে প্ৰশিক্ষক নিপন দাসৰ তত্বাৱধানত প্ৰায় ডেৰবছৰ কাল দৌৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই কথা জনাইছে প্ৰশিক্ষক নিপন দাসে।
উল্লেখযোগ্য যে ধিং এক্সপ্ৰেছ হিমা দাসৰ যাত্রা আৰম্ভ হৈছিল নিপন দাসৰ তত্বাৱধানত এইখন সৰুসজাই এথলেটিকছ ষ্টেডিয়ামৰ পৰাই।আনহাতে, উদিত তাৰকা অম্লানেও সৰুসজাইতে গ্ৰহণ কৰিছিল দৌৰৰ আদিপাঠ। এতিয়া এইগৰাকী উদিত তাৰকাক লৈ আশাবাদী একালৰ প্ৰশিক্ষক নিপন দাস।


অম্লানে যতেই প্ৰশিক্ষণ গ্ৰহণ নকৰক কিয়, তেওঁ কিন্তু অসমৰে সন্তান। তেওঁৰ বিজয়ত গৌৰৱান্বিত অসমবাসী। বৰ্তমান অম্লানৰ সন্মুখত কমনৱেলথ আৰু এছিয়ান গেমছ। এতিয়া ভাৰতবাসী তথা অসমবাসীয়ে আশা কৰিব গভীৰ একাগ্ৰতাৰে ক্ৰীড়াত মনোনিৱেশ কৰক অম্লানে।অম্লানৰ বিজয়ৰ যাত্রা অক্ষুন্ন থাকক। ক্ৰীড়াৰ উদিত সূৰ্যই দৌৰৰ পৃথিৱীত গঢ়ি যাওক নতুন অভিলেখ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments