Friday, September 30, 2022
HomeNewsদেশৰ ক্ৰীড়া ক্ষেত্ৰত মেলেঙৰ অম্লান

দেশৰ ক্ৰীড়া ক্ষেত্ৰত মেলেঙৰ অম্লান

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এক নতুন সম্ভাৱনা হৈ ধৰা দিছে অসম সন্তান অম্লান বৰগোহাঁই ৷ যোৰহাট জিলাৰ মেলেঙৰ এই খেলুৱৈগৰাকীয়ে নিজস্ব প্ৰদৰ্শনেৰে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডত ক্ৰমান্বয়ে এক চিনাকী নাম হৈ ধৰা দিছে ৷ শেহতীয়াকৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰি-১ত ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়েৰে বিশেষভাৱে চৰ্চালৈ আহিছে এই অসম সন্তান ৷ এই প্ৰতিযোগিতাৰ মহিলা শাখাৰ ২০০ মিটাৰ মিটাৰ দৌৰত ৰূপৰ পদক জয় কৰে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে ৷ অম্লানে ২০.৯৪ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক জয় কৰে ৷ যোৱা বছৰ তেলেংগানাত অনুষ্ঠিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় অ’পেন এথলেটিকছ চেম্পিয়নশ্বিপতো ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল অম্লানে ৷ প্ৰতিযোগিতাখনত দৌৰ সমাপ্ত কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল ২০.৭৫ ছেকেণ্ডৰ ৷ একে প্ৰতিযোগিতাত ১০০ মিটাৰতো ৰূপৰ পদক জয় কৰিছিল খেলুৱৈজনে ৷ দৌৰ সমাপ্ত কৰিছিল ১০.৩৪ ছেকেণ্ডত ৷ চলিত বৰ্ষৰ প্ৰথম ভাগত এই অসম সন্তানে সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত লাভ কৰিছিল ৰূপৰ পদক ৷ জুনত তেওঁ চীনত অনুষ্ঠিত হ’ব লগা ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত অংশ ল’ব ৷ অম্লানৰ মূল লক্ষ্য চলিত বৰ্ষৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা ৷
সৰ্বভাৰতীয় ক্ষেত্ৰত এনে সফলতা লাভ কৰা অম্লানৰ কিন্তু প্ৰথম প্ৰেম এথলেটিকছ নাছিল ৷ সপোন দেখিছিল তেওঁ ফুটবলাৰ হোৱাৰ ৷ সপোনৰ বাটত প্ৰতিবন্ধকতা হৈ ধৰা দিছিল আঘাতে ৷ মাকে সিদ্ধান্ত ল’লে তেওঁক বডী কণ্টেক“ গেমৰ পৰা আঁতৰাই আনিবলৈ ৷ অৱশ্যে এই সিদ্ধান্ত সহজ নাছিল ৷ স্কুল মীটত কৰা প্ৰদৰ্শনেৰে এথলেটিকছ ক্ষেত্ৰত নিজৰ সম্ভাৱনা উপলব্ধি কৰিছিল অম্লানে ৷ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া গেমছত তেওঁৰ প্ৰতিভা চকুত পৰিছিল ভুৱনেশ্বৰত থকা ৰিলায়েন্স ফাউণ্ডেচন ওড়িশা হাই-পাৰৰ্ফমেন্স চেণ্টাৰৰ প্ৰধান প্ৰশিক্ষক জেমছ হিলিয়েৰৰ ৷ তেওঁৰ প্ৰয়াসত উত্তৰণ ঘটিছিল অম্লানৰ ৷ সেই সময়ত খেলুৱৈজনে প্ৰদৰ্শন কৰা সময় চকুত লগা নাছিল ৷ কিন্তু ৬ ফুটৰো অধিক উচ্চতাৰ অম্লানৰ মাজত সম্ভাৱনা দেখা পাইছিল প্ৰশিক্ষকজনে ৷ ২০২০ চনত ভুৱনেশ্বৰৰ ট্ৰেইনিং চেণ্টাৰত অন্তৰ্ভুক্ত হয় অম্লান ৷ ৱেলছৰ প্ৰশিক্ষকজনৰ অধীনত আৰম্ভ হয় অনুশীলন ৷ শাৰীৰিকভাৱে তেওঁক গঢ়ি তোলে হিলিয়েৰে ৷ শৰীৰত মেদ হ্ৰাস কৰে ৷ আঁতৰ কৰে আঁঠুৰ জঠৰতা ৷ প্ৰশিক্ষকজনে অম্লানক প্ৰতিটো দিশতে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৷ অম্লানৰ প্ৰতিভাৰ অধিক উত্তৰণৰ বাবে তেওঁক প্ৰয়োজন এ’প’জাৰ ট্যুৰৰ৷ বিদেশৰ উন্নত মানৰ আন্তঃগাঁঠনি আৰু পৰিৱেশে তেওঁৰ কেৰিয়াৰক দিব পাৰে এক নতুন মাত্ৰা ৷ লগতে দিব তেওঁক আন্তঃৰাষ্ট্ৰীয় মানৰ খেলুৱৈৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ ৷
দৌৰবিদ হ’লেও অম্লানৰ আইডল বিশ্ব প্ৰসিদ্ধ পৰ্তুগালৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডো ৷ ভাৰতীয় ফুটবল দলৰ অন্যতম তাৰকা সুনীল চেত্ৰীৰো তেওঁ অনুৰাগী ৷ ৰাজ্যখনৰ অনুৰাগীৰ আশা–-সেই সকল তাৰকাৰ দৰেই এদিন বিশ্বৰ ক্ৰীড়াঙ্গনত জিলিকি উঠিব অসমৰ দৌৰবিদ মেলেঙৰ অম্লান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments