লাভলীনা কিয় ব্যতিক্ৰম; কিছু ব্যক্তিগত অনুভৱ

✍️ পূৰ্ণানন্দ নেওগ

২০১৯ ত বিশ্ব চেম্পিয়নশ্বিপত পদক জিকি অহাৰ পিছত তেওঁক সাক্ষাৎ কৰিছিলোঁগৈ। অলিম্পিয়াৰ হৈ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে। ক্রীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত থকাৰ সুবাদতে পূৰ্বৰে পৰা চিনা পৰিচয় আছিল তেওঁৰ সৈতে। আনতকৈ তেওঁ বহু ক্ষেত্ৰতে ব্যতিক্ৰম আছিল। ইতিমধ্যে দুটাকৈ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ পদক লাভ কৰিছে। অসমৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সিমানখিনি সফলতা খুউব কম খেলুৱৈয়েহে লাভ কৰিছে। তাৰ পিছতো মানুহজনীৰ অলপো ভেম নাছিল।

বাতৰি সংগ্ৰহৰ বাবে প্ৰায়েই ফোন কৰিবলগীয়া হৈছিল। কেতিয়াবা কিবা কাৰণত ফ’ন ৰিচিভ কৰিব নোৱাৰিলেও দুনাই কল বেক কৰি ফ’ন কৰাৰ কাৰণ সুধিছিল। যিটো বহু অসমৰ খেলুৱৈৰ পৰা আপুনি আশা কৰিব নোৱাৰে(সকলোৰে কথা কোৱা নাই)। কিন্তু, কেৱল সেই কথাৰ বাবেই যে তেওঁ ব্যতিক্রম,তেনে নহয়। অতি প্ৰচাৰ, গ্লেমাৰ আদিৰ পৰা জানি শুনিয়েই তেওঁ আঁতৰি থাকিছিল। সেয়ে হয়তো অসমৰ কোনো টিভি চেনেলত ষ্টুডিঅ’ত বহি সাক্ষাৎকাৰ দিয়া সততে দেখা পোৱা নগৈছিল। এবাৰ অলিম্পিয়াত লাইভ অহাৰ বাবে তেওঁক অনুৰোধ কৰিছিলোঁ। অত্যন্ত বিনয়ৰে তেওঁ সেয়া প্ৰত্যাখান কৰিছিল। এনে নহয় যে অলিম্পিয়াৰ দৰে সৰু প্লেটফৰ্ম এটাত লাইভ অহাত তেওঁ আগ্ৰহী নাছিল। তাৰ কাৰণ হিচাবে তেওঁ বিনয়ৰে জনাইছিল কিদৰে তেওঁ অনুশীলনত ব্যস্ত। তাৰোপৰি, বিশ্ব চেম্পিয়নশ্বিপৰ দৰে প্রতিযোগিতাত দুবাৰকৈ জয়ী হোৱাৰ পিছত সুযোগ পায়ো তেওঁ গ্লেমাৰসৰ্বস্ব জীৱন এটা বিচৰা নাছিল। তেওঁৰ লক্ষ্য স্থিৰ আছিল। একাগ্ৰতা, স্থিতপ্ৰজ্ঞতাই তেওঁৰ অলিম্পিক যাত্ৰা সহজ কৰি তুলিছিল।

গুৱাহাটীত ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপৰ সময়ত তেওঁক সুধিছিলোঁ অলিম্পিকৰ লক্ষ্যৰ কথা, সুধিছিলোঁ কিমান আশাবাদী তেওঁ? তেতিয়া তেওঁ কোৱা কথাকেইষাৰ আছিল, ” খেলিবলৈ ভালকৈ জনা হোৱাৰে পৰা অলিম্পিকত খেলাৰ সপোনেই পুহি ৰাখিছোঁ। এতিয়া আনকি খোৱা-শোৱাৰ সময়তো অলিম্পিকৰ কথাই মনলৈ আহি থাকে।”

সফলতাই মূৰত ধৰা নাছিল তেওঁৰ কেতিয়াও। সেয়ে অতি সহজ সৰল আছিল তেওঁ। পৰিশীলিত আছিল তেওঁৰ ব্যৱহাৰ। এবাৰ সেয়ে তেওঁক কৈছিলোঁ, আপোনাক ভাল লাগে। আপুনি আনৰ দৰে নহয়, সঁহাৰি ভালকৈ দিয়ে আপুনি। তেওঁ তেতিয়া কৈছিল, ‘মই মোৰ অতীতটোক কেতিয়াও পাহৰিব নোৱাৰোঁ। অহংকাৰ কৰিনো কি লাভ! গাঁৱৰ বোকা পানী গচকীয়েই ডাঙৰ হৈছোঁ। এতিয়াও মই ঘৰলৈ আহিলে পথাৰলৈ যাওঁ, মাছ ধৰিবলৈ যাওঁ।’

এনেদৰেই সকলোৰে পৰা ব্যতিক্ৰম আছিল লাভলীনা। অলিম্পিকত পদক লাভৰ পিছত আৰু লাভলীনাক বিচাৰিবলৈ লগা একোৱেই নাই। ৰূপ অথবা স্বৰ্ণ অসমবাসীৰ বাবে ব’নাছহে হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *