Wednesday, October 5, 2022
HomeNewsকলকাতাৰ বিৰুদ্ধে পাঞ্জাৱ কিংছৰ পৰাজয়:আন্দ্ৰে ৰাছেলৰ বেটত বৰষিল যেন অগ্নি !

কলকাতাৰ বিৰুদ্ধে পাঞ্জাৱ কিংছৰ পৰাজয়:আন্দ্ৰে ৰাছেলৰ বেটত বৰষিল যেন অগ্নি !

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত শ্ৰেয়াছ আয়াৰ বাহিনীৰ সমুখত পঞ্জাৱ কিংছৰ পতন । বাউণ্ডেৰী -অভাৰ বাউণ্ডেৰীৰে দুৰ্ধৰ্ষ ৰূপত আন্দ্ৰে ৰাছেল ।
উমেশ যাদৱৰ বলিং ত্রাসত কম্পমান মায়ংক বাহিনী।

চলিত আই পি এলত অব্যাহত আছে ইখনৰ পাছত সিখন ক্ৰিকেটৰ হাই ভল্টেজ মেচ । বেটছমেনেই হওক বা বলাৰেই হওক সকলো ক্ষেত্ৰতে যেন সফল হৈছে কলকাতা । চলিত বৰ্ষৰ আই পি এলৰ তিনিখন মেচৰ ভিতৰত দুখনতে বৃহৎ ব্যৱধানত জয়লাভ কৰি নিজৰ অভিযান অব্যাহত ৰাখিছে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে । আন্দ্ৰে ৰাছেলৰ বেটত বৰষিছে অগ্নি, উমেশ যাদৱৰ বলত বলিছে বতাহ । শুক্ৰবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে হৈ যোৱা মেচত দেখা গ’ল দুয়ো ক্ৰিকেট মহাতৰকাৰ তীব্ৰ সংহাৰী ৰূপ — যাৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অৱশেষত পৰাজয় বৰণ কৰিবলগীয়া হ’ল মায়ংক আগৰৱালৰ নেতৃত্বৰ পঞ্জাৱ ছুপাৰ কিংছে ।
৪ অভাৰত ২৩ ৰাণ ব্যয়েৰে ৪ টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা উমেশ যাদৱে বৰ্তমানলৈকে ১২৪ খন আই পি এল মেচত ১২৭ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ যোগেদি নিজৰ বলিং পাৰদৰ্শিতা প্ৰকাশ কৰি ক্ৰিকেট ইতিহাসত নিজৰ নাম খোদিত কৰি ৰাখিছে । আনহাতে ৩১ টা বলত ৭০ ৰাণৰ ইনিংছ খেলা আন্দ্ৰে ৰাছেলেও আই পি এলত ১৭৯৫ ৰাণ সংগ্ৰহ কৰি নিজৰ বেটিং ক্ষমতা প্ৰকাশ কৰি আহিছে । শুক্ৰবাৰৰ মেচত পঞ্জাৱৰ বিৰুদ্ধে ২ টা বাউণ্ডেৰী আৰু ৮ টা অভাৰ বাউণ্ডেৰীয়ে ক্ৰিকেট বিশ্বক আন্দ্ৰে ৰাছেলে দিলে বেটিং চমক ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ৰাছেলে কেৱল বেটিঙতে বিস্ফোৰণ নঘটায় । বলিঙৰ ক্ষেত্ৰতো আছে তেওঁৰ বিশেষ দক্ষতা ।
শুক্ৰবাৰে মেচখনত প্ৰথমেই বেট ধৰি মায়ংক আগৰৱাল বাহিনী তথা পঞ্জাৱ কিংছে ১৮ অভাৰ ২ টা বলত কলকাতাক বান্ধি দিছিল ১৩৭ ৰাণৰ সহজ লক্ষ্য । কিন্তু ৰাছেলৰ বেটত বৰষা অগ্নিয়ে যেন নিমিষতে ছাঁই কৰিলে পঞ্জাৱৰ সকলো প্ৰত্যাহ্বান । মাত্ৰ ১৪ অভাৰ ৩ টা বলতে বিজয়ৰ নিচান উৰুৱাই জয়ৰ ধাৰা অব্যাহত ৰাখিলে কলকাতাই ।

অধিনায়ক হিচাপে সফল হ’ল ভাৰতীয় জনপ্ৰিয় ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ । আন্ডে ৰাছেলৰ বিষ্ফোৰক বেটিঙে মোহিলে ক্ৰিকেট বিশ্বক। আই পি এলত দুৰ্ধৰ্ষ বলাৰ আৰু বেটাৰৰ ক্ৰীড়া শৈলী প্ৰত্যক্ষ কৰিবলৈ সদা প্ৰস্তুত বিশ্বৰ ক্ৰিকেট জগত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments